ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত জাগীৰোডত হ'ব বৃহৎ উদ্যোগঃ মন্ত্ৰী পীযুষ হাজৰীকা

ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত জাগীৰোডত হ'ব বৃহৎ উদ্যোগঃ  মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, জাগীৰোডঃ 'আজিৰ পৰা ৮ বছৰ পূৰ্বে জাগীৰোড সমষ্টিৰ মই নিৰ্বাচিত হৈছইলো। বিধায়ক হৈয়ে মই জাগীৰোডক এখন নতুন জাগীৰোড কৰাৰ সংকল্প লৈছিলো আৰু জাগীৰোডবাসীক লগত লৈ নতুনকৈ কাম কৰাৰ বাবে আগবাঢ়িছিলো।' - এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি নিজ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

জাগীৰোড বিধানসভা সমষ্টিৰ নেলী ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত বিশাল সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰা ৮ বছৰ পূৰ্বে জাগীৰোড সমষ্টিৰ পৰা প্ৰথম বিধায়ক নিৰ্বাচিত হোৱাৰ কথা উল্লেখ কৰে। অসম মালাৰ প্ৰথম ৰাস্তাটো জাগীৰোড সমষ্টিতে নিৰ্মাণ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে কয়।

সভাত এই অঞ্চটোত ক'ত ক'ত মথাউৰি নিৰ্মাণ কৰা হ'ল, ক'ত ক'ত ৰাস্তা-ঘাট নিৰ্মাণ কৰা হ'ল সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লাহৰীঘাটত বাকী থকা মথাউৰি নিৰ্মাণ কৰি জাগীৰোডবাসীক বানপানীৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। জলসম্পদ মন্ত্ৰী হৈয়ে তেওঁ ৬ মাহৰ ভিতৰত লাহৰীঘাটত ৬০ কোটি টকাৰে ১৪ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি কয় যে এই মথাউৰি নিৰ্মাণ কৰাৰ বাবে এতিয়া আমাৰ অঞ্চলত বানপানী নোহোৱা হ'ল।

সমষ্টিটোৰ উত্তৰ অঞ্চলত ব্ৰহ্মপুত্ৰত গৰাখহনীয়া এটা আটাইতকৈ ডাঙৰ সমস্যা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ডেৰ শ কোটি টকা অকল জাগীৰোড সমষ্টিলৈকে আনি আমি খহনীয়া প্ৰতিৰোধৰ কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিলো। ইয়াৰ পূৰ্বে প্ৰায় ২০ কোটি টকাৰে খহনীয়াৰ কাম সম্পূৰ্ণ কৰি এইবছৰ ডেৰ কোটি টকা আনি খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছো বুলি মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰীগাৰাকীয়ে আজি ৬ দিনত নগাঁও সমষ্টিত ৪০ খন সভা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে। নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পতাৰ বাবে এই ৪০খন মিটিং কৰাৰ কথা তেওঁ কয়।

তেওঁ জাগীৰোড কলেজখনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ কথাও উল্লেখ কৰে। আনহাতে, পথ, দলং, ওভাৰ ব্ৰীজকে ধৰি জাগীৰোড সমষ্টিত অসমৰ আটাইতকৈ ধুনীয়া আই বি হোৱাৰ কথাও মন্ত্ৰীগৰাকীয় ভাষণত সদৰী কৰে।

তদুপৰি জাগীৰোডত অসমৰ সকলোতকৈ ডাঙৰ উদ্যোগ স্থাপনৰ কথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীক এদিন জনোৱাৰ কথা তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত স্থাপন কৰা হব এই উদ্যোগ আৰু জাগীৰোডৰ প্ৰায় ৩০ হাজাৰ লৰা-ছোৱালীয়ে ইয়াত চাকৰি লাভ কৰিব। এই উদ্যোগ স্থাপন হ'লে জাগীৰোডৰ মানুহে বনোৱা ছিপছেৰে আমেৰিকা, ইউৰোপত ইলেক্ট্ৰিক গাড়ী চলিব, ফোন চলিব আৰু বিভিন্ন কাম চলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুবাদত এই অনুষ্ঠান হোৱা বুলি মন্ত্ৰীগৰাকীয়ে গৰ্বেৰে উল্লেখ কৰে। ইয়াৰ উপৰি জাগীৰোডত আৰু কেবাটাও উদ্যোগ স্থাপন কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ধিং বিধানসভা সমষ্টিৰ পূজাবাৰী খেলপথাৰত ৰাইজৰ বিপুল উচাহৰ মাজত আয়োজিত প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰীগৰাকী আপ্লুত হৈ পৰে। জাগীৰোড বিধানসভা সমষ্টিৰ ঝাৰগাঁও বীৰ লাচিত খেলপথাৰ, জাগীৰোডৰ দন্দুৱা খেলপথাৰত বিশাল সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। সমবেত ৰাইজক আজি এক প্ৰচাৰ সভাৰ দ্বাৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায়।

ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত জাগীৰোডত হ'ব বৃহৎ উদ্যোগঃ  মন্ত্ৰী পীযুষ হাজৰীকা
প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডঃ ৫ অভিযুক্তক নিৰ্দোষী ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in