প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডঃ ৫ অভিযুক্তক নিৰ্দোষী ঘোষণা

পলাতক ৪ জন অভিযুক্ত...

author-image
Asomiya Pratidin
New Update
প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডঃ ৫ অভিযুক্তক নিৰ্দোষী ঘোষণা

ডিজিটেল সংবাদ,চিৰাংঃ অসম কপোৱা প্ৰিয়া বসুমতাৰী হত্যাকাণ্ড লৈ চিৰাঙৰ সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। এনডিএফবিৰ দ্বাৰা প্ৰিয়া বসুমতাৰীৰ হত্যাকাণ্ডত জড়িত ৫ গৰাকী অভিযুক্তক নিৰ্দোষী বুলি ৰায়দান দিয়ে ন্যায়াধীশ আদালতে।হত্যাকাণ্ডৰ গোচৰৰ পৰা মুক্ত নেমব্ৰত বৰগয়াৰী,অনন ব্ৰহ্ম,লেবৌ বসুমতাৰী,ধনঞ্জয় দৈমাৰী আৰু সৌমখৌৰ বসুমতাৰী।

Advertisment

উল্লেখ্য যে উক্ত প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত বিনোদ গয়াৰী ওৰফে জি বিদায়,লাচিত নাৰ্জাৰী,বুদ্ধ মুছাহাৰী আৰু বিনোদ মুছাহাৰী ওৰফে বাথাই বৰ্তমানেও পলাতক। উল্লেখিত ৪ জন অভিযুক্ত সন্দৰ্ভত বুধবাৰে কোনো ৰায়দান প্ৰদান কৰা নাই আদালতে।

উল্লেখ্য যে, ২০১৪ চনত বি টি এ ডিত প্ৰিয়া বসুমতাৰীক বৰ্বৰ ভাৱে পিতৃ-মাতৃ আৰু গাঁৱৰ মানুহৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। 

Also Read: জামুগুৰিহাটৰ চেন্ট থমাচ ইংলিছ স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীৰ বিদায় সম্বৰ্ধনা

chirang news Priya Basumatary murder case Priya Basumatary murder case