কামৰূপ জিলাৰ কেইবাটাও খহনীয়া এলেকা পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কেইবাটাও খহনীয়াত আক্ৰান্ত অঞ্চলৰ বুজ লয়

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলাৰ কেইবাটাও খহনীয়া এলেকা পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে কামৰূপ জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি খহনীয়াত আক্ৰান্ত অঞ্চলৰ বুজ লোৱাৰ লগতে বিভাগীয়ভাৱে সম্পূৰ্ণ হোৱা খহনীয়া প্ৰতিৰোধী কাম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে ছয়গাঁও সমষ্টিৰ যোগীবাৰীৰ দকুৱাপাৰা অঞ্চলত উপস্থিত হৈ কুলসী নদীয়ে খহনীয়া সৃষ্টি কৰা দুটা স্থানত জলসম্পদ বিভাগে কৰি থকা জৰুৰী খহনীয়াৰোধৰ কাম পৰ্যবেক্ষণ কৰে।

Advertisment

স্থানটোত কুলসী নদীৰ পাৰৰ পথটো খহনীয়াত আক্ৰান্ত হৈ কাষৰীয়া অঞ্চলটোত ৰাইজক আশংকিত কৰি ৰাখিছিল বুলি জানিবলৈ পাই জলসম্পদ মন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই বিভাগক জৰুৰীভাৱে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল। মঙলবাৰে অঞ্চলটো পৰিভ্ৰমণ কৰি মন্ত্ৰী হাজৰীকাই জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগৰ অভিযন্তাসকলক খহনীয়াত আক্ৰান্ত পথটো বহল কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো কাম হাতত লবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ গুমী অঞ্চলত উপস্থিত হৈ অঞ্চলটোত জলসম্পদ বিভাগে ইতিমধ্যে সম্পূৰ্ণ কৰা খহনীয়া প্ৰতিৰোধী আঁচনিৰ অধীনৰ কামসমূহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, অঞ্চলটোত জলসম্পদ বিভাগে চাৰিটা আঁচনিৰ অধীনত প্ৰায় ১১.১৫ কোটি টকা ব্যয়েৰে এক কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে কাম সম্পূৰ্ণ কৰিছে। মন্ত্ৰীগৰাকীয়ে এই অঞ্চলটো পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লৈ খহনীয়া প্ৰতিৰোধী কামত সন্তোষ্টি প্ৰকাশ কৰে।

জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই অঞ্চলৰ পৰাই ছয়গাঁও আৰু পলাশবাৰী সমষ্টিৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ২৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি তথা পকীপথেৰে যাত্ৰা কৰি মথাউৰি তথা পকী পথ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে এক অভিলাসী আঁচনিৰ অধীনত বৰ্তমানলৈকে ৰাজ্যখনৰ প্ৰায় ১২০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিক পকী পথলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত বিধায়কদ্বয় ৰেকিবুদ্দিন আহমেদ আৰু হেমাংগ ঠাকুৰীয়াৰ লগতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, কামৰূপ জিলাৰ জিলা আয়ুক্ত আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

Also Read: সুখবৰঃ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত "ব্ৰাছ ষ্ট্ৰ'ক"লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান

pijush hazarika