সুখবৰঃ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত "ব্ৰাছ ষ্ট্ৰ'ক"লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান

সুখবৰঃ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত "ব্ৰাছ ষ্ট্ৰ'ক"লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান

ডিজিটেল সংবাদ, নগাঁওঃ অসমীয়া ছবি জগতলৈ সু-খবৰ। দ্বাদশ কলিকতা আন্তঃৰাষ্ট্ৰীয় চুটি চিনেমা মহোৎসৱত "ব্ৰাছ ষ্ট্ৰ'ক" নামৰ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে পাৰ্থজিৎ বৰুৱাই।

তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চিনেমা মহোৎসৱতো শ্ৰেষ্ঠ পৰিচালকৰ বটাঁ লাভ কৰিছিল। কেৰেলাৰ আই ডি এছ এফ এফ কেৰ প্ৰতিযোগিতাৰ শাখালৈও নিৰ্বাচিত হৈছিল তথ্যচিত্ৰখন।

উল্লেখ্য ৩০ জুলাইত কলিকতাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা গ্ৰহণ কৰে পৰিচালকগৰাকীয়ে। বঁটা গ্ৰহণৰ পাছত পৰিচালক পাৰ্থজিৎ বৰুৱাই নীলপৱন বৰুৱাই জীৱনজুৰি কৰা শিল্প সাধনাৰ বাবে এই বঁটা তেওঁৰ নামত উচৰ্গা কৰাৰ আশা প্ৰকাশ কৰে।

সুখবৰঃ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত "ব্ৰাছ ষ্ট্ৰ'ক"লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান
নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ নিযুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in