নিজ সমষ্টিতে ৰাইজৰ ৰোষত কৃষিমন্ত্ৰী অতুল বৰা...

কৃষিমন্ত্ৰী অতুল বৰাক পহুখেদা। নিজ সমষ্টিতে ৰাইজৰ ৰোষত পৰিল কৃষিমন্ত্ৰীগৰাকী।

author-image
Asomiya Pratidin
New Update
নিজ সমষ্টিতে ৰাইজৰ ৰোষত কৃষিমন্ত্ৰী অতুল বৰা...

ডিজিটেল ডেস্ক : কৃষিমন্ত্ৰী অতুল বৰাক পহুখেদা। নিজ সমষ্টিতে ৰাইজৰ ৰোষত পৰিল কৃষিমন্ত্ৰীগৰাকী। বোকাখাত সমষ্টিৰ দুসুতিমুখ পঞ্চায়তৰ এটা পথ শুভাৰম্ভ কৰিবলৈ গৈছিল মন্ত্ৰীগৰাকী। অঞ্চলটোৰ মূল পথতো নিৰ্মাণৰ বিপৰীতে গাঁৱৰ ভিতৰৰ তিনি কিলোমিটাৰৰ এটা পথ শুভাৰম্ভ কৰিবলৈ যোৱাত ক্ষুন্ন হৈ কৃষিমন্ত্ৰীগৰাকীক খেদি পঠাই ৰাইজে।

অঞ্চলটোৰ মূল পথ নিৰ্মাণৰ বিপৰীতে চুবুৰীলৈ যোৱা এটা সৰু পথ নিৰ্মাণ কৰি ৰাইজক আভুৱা ভৰাৰ অভিযোগ অতুল বৰাৰ বিৰুদ্ধে। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে অতুল বৰাই। মন্ত্ৰীগৰাকীৰ সন্মুখতে ৰাইজে অতুল বৰা মূৰ্দাবাদ ধ্বনি দিয়ে। ৰাইজৰ মতে দীৰ্ঘদিন ধৰি প্ৰতাৰিত হৈ আহিছে অঞ্চলটোৰ ৰাইজ। সেয়ে এয়া ৰাইজৰ দীৰ্ঘদিনৰে পৰা পুহি ৰখা খঙৰ বহি:প্ৰকাশ বুলি মন্তব্য কৰে বহুজনে। আনহাতে ঘটনাক কেন্দ্ৰ কৰি উক্ত স্থানত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Also Read: এতিয়াও সতৰ্ক নহয় ৰে'ল বিভাগ: এইবাৰ মধ্য প্ৰদেশত লাইনচ্যুত ৰে'ল...

ATUL BORA