/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/210aa91d-f68c-4c5b-9e69-2c0a3df4d4dc/12.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ খাদ্য সুৰক্ষা আইনৰ অধীনত বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ নতুনকৈ অন্তর্ভুক্ত কৰা হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। বুধবাৰে বিশ্বনাথ বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ লগতে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই বিতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/4bf5aabc-657a-49e7-be62-6affe1a3291d/422396149_909575087290254_406557920368540224_n.jpg)
বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা এক বিশেষ সভাত মন্ত্ৰীগৰাকীয়ে নতুন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰি প্ৰক্ৰিয়াটোৰ শুভাৰম্ভ কৰে। বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ,সাংসদ পল্লব লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ লগতে জিলা আৰক্ষী প্ৰশাসনৰ বহু বিষয়া কৰ্মচাৰী অংশ গ্ৰহণ কৰে। ইফালে সভাৰ শেষত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ফ্লপ শ্ব' বুলি অভিহিত কৰে। কিন্তু তাৰ মাজতে মন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আজি অলপ সফল হোৱা বুলি মন্তব্য কৰে।কাৰণ আজি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা তেওঁলোকৰ অঞ্চল বৰপেটাত সোমাই গল। সেয়েহে আজি অলপ সফল হোৱা যেন পাইছো বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a8208c3b-43ad-48a9-b199-a666881c13fb/422570531_909574933956936_1648050657723408528_n.jpg)
আনহাতে শেহতীয়াকৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত জামুগুৰিহাটত সংঘটিত হোৱা ঘটনাক মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত ভাৱে ভাল পোৱা নাই বুলি উল্লেখ কৰি এনে অনাংকাক্ষিত ঘটনা হ'ব নালাগিছিল বুলি কয়। "কিন্তু মোৰ হাতত এতিয়া ভিডিঅ আছে,কোনে এনেকৈ খেদি গৈছিল গাড়ীৰ পৰা,সময়ত মই ৰাজহুৱা কৰিম" বুলি তাপৰ্য্য পূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
Also Read: নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত "পৰীক্ষাৰ পে চর্চা" শীর্ষক অনুষ্ঠান