নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত "পৰীক্ষাৰ পে চর্চা" শীর্ষক অনুষ্ঠান

নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত "পৰীক্ষাৰ পে চর্চা" শীর্ষক অনুষ্ঠান

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত পৰীক্ষা পে চর্চা  ২০২৪ ৰ শীর্ষক  অনুষ্ঠান অনুষ্ঠিত হয়। গুৰুত্বপূৰ্ণ যে পৰীক্ষাক লৈ  ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ আৰু অস্থিৰতা এৰি মুক্ত  মনেৰে  প্ৰতিভা প্ৰকাশ কৰিবলৈ সাজু কৰি তুলিবলৈ প্ৰধান মন্ত্ৰীৰ অভিলাসি কায্যসূচী পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটো মঙ্গলবাৰে নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত হয় । 

এই কায্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুঠ ২৯ টা থিমৰ ওপৰত আয়োজন কৰা প্ৰতিযোগিতা খনত ডিব্ৰুগড় জিলাৰ কেইবাখনো বিদ্যালয়ে অংশ গ্ৰহণ কৰে। আজি বিদ্যালয় প্ৰাংগণত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সমান্তৰাল ভাৱে এখনি সভা আৰু সাংস্কৃতিক কাৰ্যয়সূচীও অনুষ্ঠিত হয়।

বিদ্যালয়ৰ অধ্যক্ষা দিপা দেৱী নাথে সঞ্চলনা কৰা সভা খনত বি ভি এফ চি এলৰ   ক্ৰমে মানৱ সম্পদ উপ মহাপ্ৰবন্ধক অৰুণ কুমাৰ, মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰবন্ধক পংকজ গগৈ, বি ভি এফ চি এলৰ  বিত্তীয় বিভাগৰ মহা প্ৰবন্ধক মেথিউ জনছন ডাৰা ,চিকিৎসা বিষয়া ডাঃ বিদ্যাৱতী  সোণোৱাল, সাংবাদিক অক্ষয় প্ৰণৱ কলিতা ,চিত্ৰকলা শিক্ষক ক্ৰমে পিয়াংকি নমসুদ্ৰ ,গগন প্ৰধান, প্ৰণৱ গগৈ , ব্যৱসায়ী কৌছাল কাণ্ডা আদি উপস্থিতি থাকে। অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক ৰাহুল কুমাৰে।

নামৰূপ কেন্দ্ৰীয় বিদ্যালয়ত "পৰীক্ষাৰ পে চর্চা" শীর্ষক অনুষ্ঠান
বিৰাটৰ প্ৰসংগত মুখ্য প্ৰশিক্ষক ৰাহুলে খুলিলে মুখঃ ক'লে কোহলিৰ স্থান পূৰণ কৰাটো অসম্ভৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in