''অসমৰ চাহ-বনুৱা ভাইসকলৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰে''- মন্ত্ৰী পীযুষ হাজৰীকা

''অসমৰ চাহ-বনুৱা ভাইসকলৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰে''- মন্ত্ৰী পীযুষ হাজৰীকা
''অসমৰ চাহ-বনুৱা ভাইসকলৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰে''- মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ ''বিগত সাতটা বছৰত আমি বাগানৰ বনুৱাসকলৰ যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছো৷ ২০১৫ চনলৈকে আমাৰ বনুৱা ভাইসকলে দৈনিক মজুৰি পাইছিল ১১৫ টকা, এতিয়া পায় ২৫০ টকা৷ আজি ৭ টা বছৰত বিজেপিৰ কাৰ্যকালত এই মজুৰি ২৫০ টকালৈ বৃদ্ধি হ’ল৷ গতিকে ইয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে অসমৰ চাহ বনুৱাসকলৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰে৷''- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷

আজি নৱগঠিত ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৩ নং নোনাই চেৰফাং মণ্ডলৰ কালিখোলাত অনুষ্ঠিত জনজাগৰণ সভাত ভাষণ দি এইদৰে কয় মন্ত্ৰী পীযুষ হাজৰীকাই৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, আজিৰ পৰা ৫ বছৰ আগত কোনেও বাগানৰ ৰাস্তা বনোৱা নাছিল, কিন্তু আমি বিজেপি চৰকাৰে বনাইছিলো৷

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সভাত যোৱা পাঁচ বছৰ আগতে বাগানৰ বনুৱা-শ্ৰমিক, মহিলাসকলৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিছিল সেই বিষয়েও উল্লেখ কৰে৷ আনহাতে, বিজেপি চৰকাৰে অসমৰ মানুহক মাহত গাইপতি ৫ কেজিকৈ বিনামূলীয়া চাউল দি থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এনেদৰে ভাৰতৰ ক’তো বিনামূলীয়া চাউল দিয়াৰ নজিৰ নাই, এয়া একমাত্ৰ অসমতহে বিজেপি চৰকাৰে দি আছে বুলি উল্লেখ কৰে৷

মন্ত্ৰীগৰাকীয়ে কয় যে, আগতে বাগানৰ ল’ৰাই চাকৰি পোৱা নাছিল৷ এতিয়া চৰকাৰে বাগানৰ ল’ৰা-ছোৱালীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰখাৰ বাবে বাগানৰ ল’ৰা-ছোৱালীয়ে চাকৰি পোৱাৰ পথ প্ৰশস্থ হ’ল৷ এই কাম কৰিছে কেৱল বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷

মন্ত্ৰীগৰাকীয়ে অৰুণোদয় আঁচনিৰ প্ৰসংগ উত্থাপন কৰি কয় যে, আজিৰ পৰা প্ৰায় ৩ বছৰ পূৰ্বে আমি অৰুণোদয় দিছিলো প্ৰায় ২১ লাখ পৰিয়ালক, এতিয়া এই সংখ্যা বাঢ়ি গৈ ২৬ লাখ হ’ল৷ পূৰ্বৰ অৰুণোদয়ৰ ধন ৮৫০ টকাৰ পৰা বৃদ্ধি হৈ এতিয়া ১২৫০ টকা হ’ল৷ এই ধন ১,৪৫০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে৷

ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, কংগ্ৰেছে টকা লৈ চাকৰি দিছিল, কিন্তু আমি সেই কাম নকৰো৷ আমি দুখীয়া পৰিয়ালৰ মেধাসম্পন্নক যুৱক-যুৱতীক চাকৰি পোৱাৰ ব্যৱস্থা কৰি দিছো৷ গতিকে এইবোৰ দেখি ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছেই যে আগন্তুক নিৰ্বাচনত কাক ভোট দিব৷

উল্লেখ্য যে আজি নৱগঠিত ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৩ নং নোনাই চেৰফাং মণ্ডলৰ কালিখোলাত অনুষ্ঠিত জনজাগৰণ সভাত বৃহৎ সংখ্যক লোক উপস্থিত থাকে। এই সভাত সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিজেপিৰ ওদালগুৰি জিলা সভাপতি ৰূপম গোস্বামী তথা দলৰ কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

''অসমৰ চাহ-বনুৱা ভাইসকলৰ কথা অকল বিজেপি চৰকাৰেহে চিন্তা কৰে''- মন্ত্ৰী পীযুষ হাজৰীকা
মুকুল সন্দিকৈৰ বিয়োগত হাওৰাঘাটত শোক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in