মুকুল সন্দিকৈৰ বিয়োগত হাওৰাঘাটত শোক...

মুকুল সন্দিকৈৰ বিয়োগত হাওৰাঘাটত শোক...

author-image
Asomiya Pratidin
New Update
মুকুল সন্দিকৈৰ বিয়োগত হাওৰাঘাটত শোক...

মুকুল সন্দিকৈৰ বিয়োগত হাওৰাঘাটত শোক...

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলা অসমীয়া ভাষীক সন্থাৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সংখ্যালঘু ব'ৰ্ডৰ অধ্যক্ষ তথা হাওৰাঘাট অঞ্চলৰ বৰবিল গাঁৱৰ নিবাসী আৰু সমাজ কৰ্মী মুকুল সন্দিকৈ আৰু নাই। তেখেতে ৬৭ বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ শনিবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰিছে।

Advertisment

এসময়ত ৰাজনীতিৰ সৈতে জড়িত হৈ থকা সন্দিকৈ আছিল কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ, এজন পুত্ৰ আৰু তিনিজনী কন্যা এৰি গৈছে। তেওঁৰ মৃত্যুত বৰবিল গাৱঁৰ লগতে সমগ্ৰ হাওৰাঘাট অঞ্চলতে শোকৰ ছাঁ পৰিছে।

Also Read: পলাল 'ফ্লাই বিগ' ! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰিছিল ফ্লেগ অফ...

হাওৰাঘাট