হোজাইৰ শংকৰদেৱ নগৰত মন্ত্রী পীয়ুজ হাজৰীকা

হোজাইৰ শংকৰদেৱ নগৰত মন্ত্রী পীয়ুজ হাজৰীকা

ডিজিটেল সংবাদ, হোজাইঃ হোজাইৰ শংকৰদেৱ নগৰত সোমবাৰে সন্ধিয়া উপস্থিত হয় মন্ত্রী পীয়ুজ হাজৰীকা। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ অহাৰ প্ৰাকক্ষণত শংকৰদেৱ নগৰত অনুষ্ঠিত হবলগীয়া জনসভাৰ খেলপথাৰখন পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মন্ত্রী পীয়ুজ হাজৰীকা ।

উল্লেখ যে, ১৫ মাৰ্চত তাৰিখে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰলৈ আহিব দেশৰ কেন্দ্রীয় মন্ত্রী অমৃত সাহ। শংকৰদেৱ নগৰত বিশাল জনসভাত অংশগ্রহণ কৰিব অমৃত সাহে। ১৫ তাৰিখে পুৱা নগাৱঁৰ বৰদোৱা থানলৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য পৃষ্ঠপোষকতাত ব্ৰটদ্ৰৱা থানখনক উন্নত কৰিবৰ কাৰণে বিশেষ প্ৰক্ৰিয়া হাতত লৈছিল । সেই কামৰ আধাৰশিলা স্থাপন কৰিছিল গৃহ মন্ত্রী অমৃত সাহে। সেই কাম অসমবাসীৰ বাবে উচৰ্গা কৰিবলৈ বৰদোৱালৈ আহিব অমৃত সাহ। তাৰ পিছতেই শংকৰদেৱ নগৰত বিশাল জনসভাত অংশগ্রহণ কৰিব মন্ত্রী অমৃত সাহে।নগাওঁ, হোজাইৰ প্ৰায় ১ লাখ মানুহে উক্ত জনসভাত অংশগ্রহণ কৰিব ।

পীয়ুজ হাজৰীকাৰ লগত লামডিং আৰু হোজাই সমষ্টিৰ দুই বিধায়ক শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ, জিলা আযুক্ত লাচিত কুমাৰ দাস সহ অসম আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত থাকে ।

হোজাইৰ শংকৰদেৱ নগৰত মন্ত্রী পীয়ুজ হাজৰীকা
নামতিত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত ২জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in