/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/24449d54-b0ab-416c-8661-7e866956d654/ea1066a4-56a3-4ad3-b737-0fc9e26ff2e6.jpg)
ডিজিটেল ডেস্কঃ অসমৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হয়। তেজপুৰৰ মাজগাঁৱস্থিত শ্বহীদ বাকৰিত আয়োজিত এক অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহৰ মাজত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে । ইয়াৰ অংশ হিচাপে জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি তেজপুৰ বিধানসভা সমষ্টিত মুঠ ২৯,৬৬৮ জন ব্যক্তিক সামৰি ৬,৭৪০ টা পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/865e8989-6779-45e7-8483-e63528d821d2/f692e0a9_a790_4377_83a0_fd1a6c5a5c0f.jpg)
ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিল'গ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিল'গ্ৰামকৈ চাউল লাভ কৰে । ইয়াৰোপৰি ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰে ।
আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে এই কথা প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/c82a5635-df00-4582-83b0-72dfd8feb856/f43263ad_2a74_4d8f_9aa2_7d78ccab3233.jpg)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে আত্মসন্মানেৰে জীয়াই থাকিব পৰাকৈ কাম কৰাৰ প্ৰয়াস কৰা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দিকদৰ্শনেৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যখনক আগবঢ়ায় নিবলৈ বহুখিনি পদক্ষেপ হাতত লৈছে । অৰুণোদয়, মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ, নিকা চৰকাৰী নিযুক্তি আদি কামৰ জড়িয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য কৰে ।
লগতে মন্ত্ৰীগৰাকীয়ে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট পথৰ তড়িৎ উন্নয়ন, দলং নিৰ্মাণ, মিচ্যন বসুন্ধৰা, মিচ্যন ভূমিপুত্ৰ আদি ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক কাম আৰু আঁচনিসমূহৰ বিষয়েও বিস্তৃতৰূপত বৰ্ণন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3ef669e1-e4a5-48da-8ae9-c6042c9b47e4/99e68bae_6ab2_4bdf_a533_e0a6d9f86da4.jpg)
উল্লেখ্য যে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ লোকক সামৰি প্ৰায় ১০ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।
Also Read: পুনৰ বিজপিলৈ নীতিশ...