পুনৰ বিজপিলৈ নীতিশ...

পুনৰ বিজপিলৈ নীতিশ...

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ প্ৰেক্ষাপট সলনি হওতে এটা নিশাও নালাগে। ক্ষমতাৰ বাবে কোনটো দলে ক'লৈ গতি কৰে সেয়া কোনোৱে অনুমানো লগাব নোৱাৰে। বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল বিৰোধী মৰ্চা ইণ্ডিয়া।

কিন্তু নিৰ্বাচনৰ পূৰ্বে এটাৰ পাছত আন এটা দল এই মৰ্চাৰ পৰা ওলাই গৈ আছে। এইবাৰ বিৰোধী মৰ্চা ইণ্ডিয়া ত্যাগ কৰাৰ ইংগিত দিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে নীতিশে পুনৰ এৰিব পাৰে ৰাহুল গান্ধীৰ হাত।

ইয়াৰ সলনি পুনৰ লগ দিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। অৰ্থাৎ এনডিএত যোগ দিব পাৰে নীতিশ কুমাৰে। ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি)য়ে নীতিশ কুমাৰক ঘূৰাই অনাৰ বাবে অনুমোদন জনাইছে বুলিও জানিব পৰা গৈছে। যাৰ বাবে বিহাৰ বিধান সভা ভংগ কৰা হ'ব আৰু বিজেপিয়ে ইয়াৰ সকলো বিধায়কক পাটনালৈ মাতিছে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বুধবাৰে পৰিয়ালবাদক লৈ লালু প্ৰসাদৰ পৰিয়ালক লক্ষ্য কৰি লৈছিল। লালুৰ দল ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) আৰু নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে (জেডিইউ) ৰ মাজত বিবাদ বৃদ্ধি হৈছিল। আনহাতে বিৰোধী মিত্ৰজোট ইণ্ডিয়াৰ মাজতো বিভেদ দেখা গৈছিল। কেৱল ইমানেই নহয়, কেইবাখনো বৈঠকৰ পাছত ক্ষোভিত হৈ পৰিছিল তেওঁ।

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে কংগ্ৰেছৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। পশ্চিমবংগত অকলে নিৰ্বাচন খেলিব তেওঁ।

পুনৰ বিজপিলৈ নীতিশ...
আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য চৰ্চা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন গহপুৰৰ অনুসূয়া বৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in