/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/pijus-2.jpg)
ডিজিটেল সংবাদ, বঙাইগাঁও: বঙাইগাঁও জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে জিলাখনত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। আজি বিয়লিৰ ভাগত মন্ত্ৰীগৰাকী জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ ২নং বাশবাৰী গাঁৱৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে।
পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকসকলক জানিবলৈ দিয়ে যে বৰ্তমানে বানৰ কবলৰ পৰা ৰাইজক সকাহ দিবৰ বাবে সাময়িকভাৱে উপযোগী উপায়হে গ্ৰহণ কৰা হ'ব কিয়নো আজিৰ পৰিস্থিতিত স্থায়ী কাম কৰিবলৈ গ'লে একো লাভ নহ'ব।বৰ্তমানে জিলা প্ৰশাসনে বানাক্ৰান্ত লোকসকলৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/WhatsApp-Image-2022-06-18-at-10.33.28-PM-1024x682.jpeg)
তদুপৰি বঙাইগাঁও জিলা প্ৰশাসনে বানাক্ৰান্ত লোকসকলৰ বাবে আজিৰ তাৰিখত ২৪টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে য'ত শিশু আৰু মাতৃদুগ্ধ পান কৰি থকা শিশুৰ মাতৃৰ বাবে উপযোগী পৰিৱেশৰ ব্যৱস্থা আৰু খাদ্যৰ সা-সুবিধা আছে।আজি মন্ত্ৰী শ্ৰী হাজৰিকাই হুৰামাৰাতো উপস্থিত হৈ আই নদীৰ ভগ্ন মথাউৰিৰ কাম পৰিদৰ্শন কৰে আৰু জিলা প্ৰশাসনক -সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/WhatsApp-Image-2022-06-18-at-10.33.28-PM-1-1-1024x682.jpeg)
আজি বঙাইগাঁও জিলা প্ৰশাসনে বানাক্ৰান্ত লোকৰ মাজত ২০৩.২৫ কুইন্টল চাউল,৩৯.৫৩কুইন্টল দাইল,১০.৯৮কুইন্টল নিমখ আৰু ১০৯৭.৭৫লিটাৰ মিঠাতেল বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰে।ইয়াৰ বাহিৰেও শিশুখাদ্য,পশুখাদ্য,ত্ৰিপাল আদিও দিয়া হয়। আজি মন্ত্ৰীৰ বান পৰিদৰ্শন কালত বিধায়ক আব্দুল বাতেন খণ্ডকাৰ,প্ৰাক্তন বিধায়ক ভূপেন ৰায়,জিলা উপায়ুক্ত নবদ্বীপ পাঠক আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাও উপস্থিত থাকে।
আৰু পঢ়ক: মৰণৰ বান! পলকতে উটি গৈছে সপোনৰ ঘৰখন, কঙাল জনতাই বিচাৰিছে জিৰাবলৈ থল…