মৰণৰ বান! পলকতে উটি গৈছে সপোনৰ ঘৰখন, কঙাল জনতাই বিচাৰিছে জিৰাবলৈ থল…

মৰণৰ বান! পলকতে উটি গৈছে সপোনৰ ঘৰখন, কঙাল জনতাই বিচাৰিছে জিৰাবলৈ থল…

বৰষা শৰ্মা

ক্ৰমান্বয়ে অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। প্ৰতিবাৰৰ দৰে এইবাৰো লাখ লাখ জনতা পৰিছে বানৰ কবলত। লাখ লাখ মানুহৰ সপোনৰ ঘৰ উটি গৈছে বানৰ প্ৰৱাল সোঁতত। যোৱা ১৪ জুনৰ পৰা ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ মুঠ ২৫খন জিলাত মহাপ্লাৱনৰ সৃষ্টি কৰিছে বানে। চলিত বৰ্ষত বান, গৰাখহনীয়া আৰু ভূমিস্খলনৰ ফলত ৬৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰৰ দিনটোত প্ৰাণ হেৰুৱাই ৮ জনে।

ইতিমধ্যে ৩২ খন জিলাৰ প্ৰায় ৩০.৯৯ লাখ লোক, ৪,২৯৬ খন গাঁও আৰু ২০ হেজাৰৰো অধিক হেক্টৰ কৃষিভূমি ভয়ানক ভাৱে ক্ষতিগ্ৰস্ত হৈছে বানপানীত। কিন্তু ইমানৰ পাছতো চকু মুদা কুলিৰ ভাও ধৰি আছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বান পৰিস্থিতিৰ বুজ লয় যদিও অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ আহৰি নাই মোডীৰ।

বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দি এবছৰৰ পূৰ্বে দ্বিতীয়বাৰলৈ গাদী দখল কৰিবলৈ সক্ষম হোৱা ৰাজ্য চৰকাৰো এতিয়া অসহায় হোৱা যেন পৰিলক্ষিত হয়। প্ৰতিশ্ৰুতি বহুত কৰিছিল, কিন্তু বছৰটোৰ প্ৰথমটো বানতে জুৰুলা হ'ল অসমবাসী।

সময়মতে মথাউৰি নিৰ্মাণ কৰা বা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ ফল ভুগিছে জনতাই।  প্ৰাণ হেৰুৱাইছে বহু লোকে, উটি গৈছে ঘৰ –দুৱাৰ, নষ্ট হৈছে খেতি-পথাৰ। বানৰ দ্বিতীয়টো ঢৌ অহাৰ আশংকাও আছে।  পৰৱৰ্তী সময়ত এই বানে আকৌ কি কালৰূপ ধৰি আহে সেয়া কল্পনাতীত।

উজনি নামনিকে ধৰি কেইবাখনো জিলাৰ নদী সমূহৰ পানী বিপদসীমাৰ স্তৰ অতিক্ৰম কৰি এক প্ৰকাৰ ভাবুকি মাতি আনিছে।ইয়াৰোপৰি ভূটানৰ বান্ধৰ পানী এৰি দিয়াৰ ফলত নামনিত এক তাণ্ডৱৰ সৃষ্টি কৰিছে বানপানীয়ে।

উল্লেখ্য যে, এতিয়ালৈকে ৰাজ্যৰ প্ৰায় ৮০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত১,৭০০০ ৰো অধিক গাঁৱত মহাপ্লাৱনৰ সৃষ্টি কৰিছে বানে। ভাঙিছে মথাউৰি।কেৱল ইমানেই নহয় চহৰ সমূহতো বানৰ প্ৰভাৱ যথেষ্ঠ হোৱা পৰিলক্ষিত হয়।

অৱশ্যে এয়া প্ৰথম বাৰৰ বাবে নহয়। প্ৰতিবাৰেই অসমবাসীয়ে দুৰ্ভোগ ভুগি আহিছে। হেৰুৱাইছে মাটি সম্পত্তি লগতে আপোনজনকো। কিন্ত তাৰ পাছতো চৰকাৰে কোনো ধৰণৰ উচিত ব্যৱস্থা লোৱা পৰিলক্ষিত নহয়।

প্ৰতিবাৰেই চৰকাৰ আহে, চৰকাৰ যায়। প্ৰতিখন চৰকাৰেই প্ৰতিশ্ৰুতি দিয়ে বানমুক্ত অসমৰ কিন্তু সেয়া কেৱল নিৰ্বাচনৰ প্ৰতিশ্ৰুতিৰ বাদে আন একো নহয়।অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।  তেওঁলোকে আশ্বাস দিছিল বানমুক্ত অসম গঢ়াৰ।

কিন্তু সেই প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ চেষ্টা কেৱল কথাতেই থমকি ৰ'ল।নিৰ্বাচনী প্ৰচাৰৰ বাবে সঘনাই অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ এতিয়া সময় নাই। কিয়নো এতিয়া অসমবাসী আছে যন্ত্ৰনাত।

প্ৰতিবছৰে অসমে যন্ত্ৰনা ভুগি আহিছে। বানে উটুৱাই নিছে গাঁও, সুখৰ ঘৰখন। চৰকাৰৰ কেৱল কেৱল নিৰ্বাচনী ইচ্যুতে সীমাবদ্ধ নেকি অসমৰ বান? ৫ বছৰ বিচাৰিছিল মোডী চৰকাৰে কিন্তু কথাৰ ফুলজাৰি চটিওৱা চৰকাৰ এতিয়া ব্যস্ত অন্য এক নাটক ৰচনা কৰাত।

নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি দিছিল নতুন অসম গঢ়াৰ, প্ৰতিশ্ৰুতি দিছিল পিড়ীত বঞ্চিত সকলৰ সকলক সকলো ক্ষেত্ৰতে সহায় কৰাৰ। কিন্তু এতিয়া ক'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী? কিয় নাই বান পিড়ীতাৰ ওচৰত?

হু প্ৰতিবাদৰ পাছতো অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নহ'ল। একাংশৰ বিশ্বাস থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই ক্ষেত্ৰত অসফল। এজন দক্ষ, প্ৰতিভাশালী মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অসফল।

কিন্তু এই সময়ত মুখ্যমন্ত্ৰী গৰাকীকে ধৰি একাংশ মন্ত্ৰীয়ে কেৱল তৰল মন্তব্যহে কৰা দেখা যায়। কেৱল তৰল মন্তব্যৰ ওপৰতে কিয় ভৰষা কৰে মুখ্যমন্ত্ৰী, মন্ত্ৰী সকলে। জনতাই বিশ্বাসত জনপ্ৰতিনিধি নিৰ্বাচন কৰে। কিন্তু দুৰ্দশাৰ সময়ত সেই জনপ্ৰতিনিধি সকলেই তৰল মন্তব্য কৰি তেওঁলোকৰ মানসিকতাৰ পৰিচয় দিয়ে।

প্ৰতিদিনেই বানত প্ৰাণ হেৰুৱাইছে কোনোবাই নহয় কোনোবাই। প্ৰতিদিনেই খবৰ আহে বানত নিৰুদ্দেশ হোৱা লোকৰ। কেতিয়া বুজিব চৰকাৰে আৰু ল'ব বান নিয়ন্ত্ৰণৰ বাব উচিত সিদ্ধান্ত।হয়তো সময়মতে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লে বা আন কোনো উচিত ব্যৱস্থা ল'লে ৰাইজে ইমান দুৰ্ভোগ ভূগিব লগীয়া নহ'লহেতেন।

ইয়াৰ মাজতে চৰকাৰে লৈ গৈছে কিছুমান হঠকৰী সিদ্ধান্ত।সোৱণশিৰি জলবিদ্যুত প্ৰকল্পই যে ভৱিষ্যতে অসমৰ কি অৱস্থা কৰিব সেই আভাষ প্ৰকৃতিয়ে নিজৰ মতে দি গ'ল। প্ৰকৃতিৰ কোপদৃষ্টি পৰিছে নদী বান্ধটো।শুকুৰবাৰে নদীবান্ধটোৰ কেইবাফুট ওপৰেৰে সোৱনশিৰিৰ ঢল নামি অহা দেখিবলৈ পোৱা যায়।

ভূমিস্খলন আৰু বৰষুণৰ ফলত বান্ধটোৰ অঞ্চলৰ কেইবাখনো ঠাই খহি যায়।নদীৰ প্ৰৱল সোঁতে মূল বান্ধৰ আন্ত:গাঠনিত বিৰুপ প্ৰভাৱ পেলাইছে সেয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০২৩ চনৰ জানুৱাৰী মাহৰ প্ৰথম পৰ্যায়ত ৫০০ মেগাৱাট বিজুলী উৎপাদনৰ লক্ষ্য লৈছিল কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে। কিন্তু এই কাম হয়তো এতিয়া হৈ উঠাত বাধা দিছে প্ৰকৃতিয়ে।

তদুপৰি আগন্তুক দিনত এই প্ৰকল্পৰ ফলত উত্তৰ অসমতে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কলিয়াবৰলৈ কি মহাবিপদ কঢ়িয়াব তাৰ আভাষ যেন দি গ'ল এই জলপ্ৰলয়ে।

এতিয়া প্ৰশ্ন হয় কিহৰ বাবে চৰকাৰে আৰু ভয়াবহতা আনিব বিচাৰিছে অসমৰ বাবে? সোৱনশিৰি নদী বান্ধ প্ৰকল্পৰ বাবে ইমান প্ৰতিবাদ সাৱ্যস্ত হোৱাৰ পাছতো কিয় নিজৰ স্থিতিত অটল আছে চৰকাৰ? নিজৰ শক্তিৰ অপব্যৱহাৰ কৰি চৰকাৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিছে নেকি অসমবাসীক? নে হয়তো এনে এটা সময় আহিব যেতিয়া কেৱল ভাৰতৰ  মানচিত্ৰহে থাকিব অসমৰ নাম? এতিয়া কেৱল প্ৰশ্ন অসমৰ ভৱিষ্যৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in