মঙলদৈৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ, উপায়ুক্তক দিলে নিৰ্দেশ…

মঙলদৈৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ, উপায়ুক্তক দিলে নিৰ্দেশ…

author-image
asomiyapratidin
New Update
মঙলদৈৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ, উপায়ুক্তক দিলে নিৰ্দেশ…

ডিজিটেল সংবাদ, মঙলদৈ: মন্ত্ৰী পিযুষ হাজৰিকাই বৃহস্পতিবাৰে নাৱৰে পৰিদৰ্শন কৰিলে দৰং জিলাৰ মঙলদৈৰ ৰাজহ চক্ৰৰ বানাক্ৰান্ত অঞ্চল । ৰঙামাটী , বৰথেকেৰাবাৰী, ধনখুন্ডা , নগাঁও আদি গাওৰ বানত তল যোৱা ঘৰ সমুহ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।

Advertisment

বিশেষকৈ শাকতোলা নদীৰ ভঙা মঠাউৰিৰে সোমোৱা পানীয়ে ক্ষতিগ্ৰস্ত কৰা গাও সমুহৰ মাজে মাজে তেওঁ লগত যোৱা উপায়ুক্তক কঠোৰ নিৰ্দেশ দিয়ে যে বন্যাৰ্তক যেনেকৈ লাগে সহায় কৰিব লাগে ।

তেওঁলোকৰ প্ৰয়োজনীয় খাদ্য ,পানী যি হিচাবে লাগে সকলো দিবলৈ নিৰ্দেশ দিয়ে । পিছত মথাউৰিত থকা লোক সকলৰো খা খবৰ লয় মন্ত্ৰী গৰাকীয়ে ।

বৃহত্তৰ ৰঙামাটি থেকেৰাবাৰী অঞ্চলত বন্ধ হৈ ওফান্দী উঠা পানীভাগ ওলাই যোৱাৰ বাবে ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে। বান পৰিদৰ্শনৰ সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে।

আৰু পঢ়ক: একনাথ সিন্ধেৰ শক্তি প্ৰদৰ্শন, শ্বেয়াৰ কৰিলে বিশেষ ফটো…

assam flood pijus hazarika mangaldai