শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

একনাথ সিন্ধেৰ শক্তি প্ৰদৰ্শন, শ্বেয়াৰ কৰিলে বিশেষ ফটো…

ডিজিটেল ডেস্ক: অব্যাহত আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকত। উদ্ধৱ থাকৰেৰ চৰকাৰৰ প্ৰতি সংকত নমাই গুৱাহাটীত বাহৰ পাতিছে একনাথ সিন্ধ সহ প্ৰায় ৪১ গৰাকী বিধায়কে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে নিজৰ শক্তি .প্ৰদৰ্শন কৰে একনাথ সিন্ধে। গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুৰ পৰা সিন্ধে ৪১ গৰাকী বিধায়কৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে।

৪২ জনীয়া এই ফটো খনৰ পৰা এয়া উমান লগাব পাৰি যে পতন হোৱাৰ দিশে গতি কৰিছে উদ্ধাৱ থাকৰেৰ চৰকাৰ। এই ফটোখনত শিৱসেনাৰ বিধায়কৰ লগতে আছে নিৰ্দলীয় বিধায়কো। ফটোখনৰ লগতে এটা ভিডিঅও প্ৰকাশ পাইছে যত মহাৰাষ্ট্ৰৰ বিধায়ক সকলক দেখা গৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই নেতা সকলে বাহৰ পাতিছিল গুজৰাটৰ চুৰাটত। তাৰপাছতেই সলনি হৈ পৰিছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পট। পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে কি নতুন ৰূপ লয় সেয়া হ’ব লক্ষণীয়।

আৰু পঢ়ক: ‘অগ্নিপথ’ নহয় স্থায়ী নিযুক্তি দিয়ক : ঢকুৱাখনাত চি পি আই (এম)ৰ প্ৰতিবাদ…