/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/pijus-2.jpg)
ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত মলুকগাঁৱৰ টেঙাবাৰী ঘটাত উপস্থিত বিভিন্ন প্ৰকল্পৰ কামৰ বুজ লয় জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই।
ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা প্ৰকল্প সমূহ পৰিদৰ্শন কৰি হাজৰিকাই ইয়াৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে কয় যে এই প্ৰকল্প সম্পূৰ্ণ হ'লে চাবুৱাৰ এই বৃহতৰ অংশৰ ৰাইজ যথেষ্ঠ সকাহ পাব।
পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰী গৰাকীৰ লগত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক পোনাকন বৰুৱা, বিধায়ক বলীন চেতিয়া,জলম্পদ বিভাগৰ অধীক্ষক অভিযন্তা , কাৰ্যবাহী অভিযন্তা লগতে আন বিষয় ববীয়া সকল।
আৰু পঢ়ক: চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ, ভুঁই ৰুই জনজাতিৰ মৰ্যাদাৰ প্ৰদান দাবী…