চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ, ভুঁই ৰুই জনজাতিৰ মৰ্যাদাৰ প্ৰদান দাবী…

চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ, ভুঁই ৰুই জনজাতিৰ মৰ্যাদাৰ প্ৰদান দাবী…

ডিজিটেল সংবাদ, চিৰাং : বৃহস্পতিবাৰে চিৰাঙত চাওঁতাল জনগোষ্ঠীয় লোক সকলক জনজাতিৰ মৰ্যাদাৰ প্ৰদান আৰু সমগ্ৰ দেশত এক স্বকীয় পৰিচয় থকা চাওঁতাল জনগোষ্ঠীক বিলুপ্ত কৰি চাহ জনজাতিৰ সৈতে চামিল কৰাৰ অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধীতা কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাই অভিনৱ পন্থাৰে খেতি পথাৰত হালবাই, ভুঁই ৰুই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

আজি চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত জাউলীয়াবাৰী গাঁৱত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত শতাধিক পুৰুষ মহিলা, যুৱক, যুৱতী সকলে খেতিপথাৰত হালবাই, ভুঁই ৰুই অভিনৱ পন্থাৰে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰীমেন চোৰেনে কয় যে ইয়াৰ আগতেও সদৌ চাওঁতাল ছাত্ৰ সন্থাই চাওঁতাল সকলৰ পৰম্পৰাগত কলা-সংস্কৃতি প্ৰদৰ্শনেৰে বিশাল সাংস্কৃতিক সমদল উলিয়াই আমাৰ প্ৰাপ্য অধিকাৰ জনজাতি কৰণ আৰু অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীক বিলুপ্ত কৰি চাহ জনজাতিৰ সৈতে চামিল কৰাৰ অসম চৰকাৰ সিদ্ধান্ত বাতিল কৰাবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলো ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে শান্তিপ্ৰিয় চাওঁতাল সকলৰ এই গণতান্ত্ৰিক আন্দোলনক চৰকাৰে কোনো গুৰুত্ব আৰোপে কৰা নাই । তথাপিও আমি হতাশ হোৱা নাই । এতিয়া বাৰিষাৰ বতৰ, আমাৰ সংগ্ৰামী চাওঁতাল জনগণ খেতি পথাৰত ব্যস্ত । আমাৰ প্ৰাপ্য অধিকাৰ বিচাৰি কৰি থকা সংগ্ৰাম যাতে স্থবিৰ হৈ নপৰে তাৰ কাৰণে আমাৰ সংগ্ৰামক ৰাজপথৰ পৰা খেতিপথাৰত লৈ গৈছো ।

খেতিপথাৰত হালবাই, ভুঁই ৰুই থকা অবস্থাত আমাৰ অস্তিত্ব ৰক্ষাৰ যুঁজ তথা গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে অসম চৰকাৰক জনাবলৈ বিচাৰিছো যে অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীয় লোক সকলৰ নিজস্ব ভাষা, সাহিত্য, কলা সংস্কৃতিৰ বিলুপ্ত কৰি চাওঁতাল জনগোষ্ঠীটোক চাহ জনজাতিৰ সৈতে চামিল কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া অতি শীঘ্ৰেই বাতিল কৰক ।

সমগ্ৰ ভাৰতবৰ্ষত চাওঁতাল সকলে জনজাতিৰ মৰ্যাদা লাভ কৰিছে কিন্তু অসমত জনজাতি মৰ্যাদা লাভ কৰিবলৈ সকলো বৈশিষ্ট্য থকা স্বত্বেও চাওঁতাল জনগোষ্ঠীক জনজাতি মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে । যি সময়ত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে দেশৰ সৰ্বোচ্চ পদত অৰ্থ্যাৎ ৰাষ্ট্ৰপতি পদৰ বাবে এজনী আদিবাসী চাওঁতাল মহিলা দ্ৰৌপদী মুৰ্মুক প্ৰাৰ্থীত্ব আগবঢ়াই আদিবাসী -চাওঁতাল সকলক যি এক স্বীকৃতি প্ৰদান কৰিছে তাৰ বাবে এনডিএ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে কিন্তু সেই সময়ত অসমত বিজেপি চৰকাৰে চাওঁতাল জনগোষ্ঠীটোক বছৰৰ পিছত বছৰ ধৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাতে ক্ষান্ত নাথাকি চাওঁতাল জনগোষ্ঠীক বিলুপ্ত চাহ জনজাতিৰ সৈতে চামিল কৰিব বিচাৰিছে ।

এতিয়াও সময় আছে অসম চৰকাৰে যদি তেওঁলোকৰ এই দাবী পূৰণ নকৰে তেনেহলে আগলৈ ইয়াতকৈ অধিক তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে । আজি চাওঁতাল ছাত্ৰ সন্থাৰ জাউলীয়াবাৰীত খেতিপথাৰ আন্দোলন কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দুৰ্গা চোৰেণ, চিৰাং জিলাৰ সভাপতি চোলেমন মুৰ্মুৰ উপৰি বহু নেতা কৰ্মী উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in