/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/93109331-ba3d-4aed-96c8-6ae0393c7464/pijus.jpg)
ডিজিটেল ডেস্ক: তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপি, গাভৰু মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বুথ স-শক্তিকৰণ সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা। সভাত বুথ পৰ্যায় তথা তৃণমূল পৰ্যায়ৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু বিস্তৃতভাৱে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a9609c06-690e-4562-8242-c0080b24516c/WhatsApp_Image_2023_01_11_at_7_28_25_PM.jpeg)
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ সভাপতি ভৱেশ কলিতাৰ আগ্ৰহত দলৰ শক্তিশালী সংগঠন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে আজি এই বুথ কমিতিৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। সমষ্টিটোৰ বুথ সভাপতি সকলৰ সৈতে পৰ্যালোচনা সভাত বহে তেজপুৰ সমষ্টিত দলীয় স্থিতি শক্তিশালী কৰাৰ দায়িত্ব লাভ মন্ত্ৰী হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ce4c7139-910d-49be-af83-74cbfaccf291/WhatsApp_Image_2023_01_11_at_7_28_26_PM.jpeg)
বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বিজেপি দলে ৰাইজৰ স্বাৰ্থত কেনেকৈ কাম কৰি আছে এই বিষয়সমূহ জনগণৰ মাজলৈ কেনেকৈ লৈ যাব পৰা যায় সেই বিষয়ত আলোচনা কৰে হাজৰীকাই। অসমৰ ভৱিষ্যতৰ স্বাৰ্থত ভাৰত বৰ্ষৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপিক ৰাইজে যাতে সমৰ্থন কৰে তাৰ বাবে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে। কেৱল নিৰ্বাচন কেন্দ্ৰীক নহয় সকলো সময়তে দলীয় স্থিতি সবল কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ বাবে দলে এনে সভা অনুষ্ঠিত কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
২০২৪ৰ লোকসভা নিৰ্বাচন প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, নিসন্দেহে ২৪ত পুনৰ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হ’ব। কেৱল দ্বিতীয় স্থানত থাকিবলৈহে বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱৰ্তীণ হ’ব। লগতে কয়, দেশত চৰকাৰ গঠন কৰিব পৰাকৈ কোনো এটা বিৰোধী দলে আগবঢ়াই নাই আৰু এই মুহূৰ্ত্বতলৈ চৰকাৰ গঠন কৰিব পৰা স্থিতি নাই বিৰোধী দলসমূহৰ। বিৰোধীক এক প্ৰকাৰ নচ্যাৎ কৰি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই কোনো প্ৰভাৱ নেপেলাই শাসকীয় বিজেপি দলক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/54c2accf-6d99-498a-b326-b6af306bbafa/WhatsApp_Image_2023_01_11_at_7_28_24_PM.jpeg)
কংগ্ৰেছ আৰু এআইইউডিএফক লৈ মন্তব্য কৰি তেখেত কয়, কংগ্ৰেছ আৰু এআইইউডিএফ কেতিয়াও বিশ্বাস নকৰোঁ। তেওঁলোক মিত্ৰতাত থাকক বা নাথাকক বিজেপি দলৰ একো ক্ষতি কৰিব নোৱাৰে।
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত তেওঁ কয়, সমষ্টি পুনৰ নিৰ্ধাৰণে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলায়। অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কাম-কাজ কৰিছে তাৰ বাবে সকলোৰে পৰা সহায়-সহযোগীতা আৰু আশীৰ্বাদ কামনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
আজি অনুষ্ঠিত এই সভাত বিজেপি দলৰ জিলা সভাপতি বাতাছ ওৰাঙ ডাঙৰীয়া, গাভৰু মণ্ডলৰ সভাপতি জয়ন্ত বৰা ডাঙৰীয়া, সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ জিলা, মণ্ডল, শক্তিকেন্দ্ৰ তথা বুথ পৰ্যায়ৰ বিষয়ববীয়া-কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
আৰু পঢ়ক: ডিমাচা ছাত্ৰ সন্থাৰ বলিষ্ঠ নেতা প্ৰফুল্ল হাফিলাৰ মৃত্যু...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us