দুই পক্ষৰে ভুল হৈছে, নাহিদে বঁটা ল'ব নালাগিছিলঃ পিযুষ হাজৰিকা

গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ১৩ মাৰ্চ, সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰিলে অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা।
পিযুষ হাজৰীকা
পিযুষ হাজৰীকা
Published on
Updated on

ডিজিটেল ডেস্কঃ গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ১৩ মাৰ্চ, সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰিলে অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা।

শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা) ৰ বাবে নাহিদ আফ্ৰিনক প্ৰদান কৰা হৈছিল 'প্ৰতিমা বৰুৱা পাণ্ডে বঁটা'।  'নিজানৰ গান' নামৰ ছবিখনৰ 'নীলাতে লুকা ভাকু' গানটোৰ বাবে প্ৰদান কৰা হৈছিল নাহিদক এই বঁটা।

এই গানটোত প্ৰকৃততে কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱী আৰু জুবিন গাৰ্গে। এই কথা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন জনে আগবঢ়াইছে প্ৰতিক্ৰিয়া।

নাহিদৰ বঁটা বিতৰ্কক লৈ মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, দুই পক্ষৰে ভুল হৈছে। আৰু যদি গান গোৱা নাছিল নাহিদ আফ্ৰিনেও আগুৱাই গৈ বঁটাতো ল'ব নালাগিছিল। জুৰীৰ সদস্য সকল সন্মানীয় গতিকে তেওঁলোকৰ ওপৰত কথা ক'বলৈ অপৰাগ বুলি মন্তব্য কৰি হাজৰিকাই কয় যে কিছু ভুল হৈছে।

তেওঁ কয় যে জুৰীয়ে কেনেকৈ গ'ম পাব এই গানটো নাহিদে গোৱা নাছিল। সেই নাম প্ৰযোজক সকলেহে দিয়ে।

পিযুষ হাজৰীকা
বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট! ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত, ধুমুহা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in