প্ৰতিশ্ৰুতি পূৰণ কৰি দৃষ্টিহীন বিদ্যালয়ত শিক্ষাৰ্থীয়ে বিচৰা অনুসৰি বাদ্যযন্ত্ৰ প্ৰদান কৰিলে মন্ত্ৰী হাজৰীকাই

প্ৰতিশ্ৰুতি পূৰণ কৰি দৃষ্টিহীন বিদ্যালয়ত শিক্ষাৰ্থীয়ে বিচৰা অনুসৰি বাদ্যযন্ত্ৰ প্ৰদান কৰিলে মন্ত্ৰী হাজৰীকাই

author-image
asomiyapratidin
New Update
প্ৰতিশ্ৰুতি পূৰণ কৰি দৃষ্টিহীন বিদ্যালয়ত শিক্ষাৰ্থীয়ে বিচৰা অনুসৰি বাদ্যযন্ত্ৰ প্ৰদান কৰিলে মন্ত্ৰী হাজৰীকাই

ডিজিটেল সংবাদ,যোৰহাট: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে যোৰহাট দৃষ্টিহীন বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছত শুকুৰবাৰে পুৱা পুনৰ বিদ্যালয়খনত গৈ উপস্থিত হয় আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰতিশ্ৰুতি দিয়া অনুসৰি বিভিন্ন বাদ্যযন্ত্ৰ আৰু আন সামগ্ৰী প্ৰদান কৰে ।

Advertisment

বুধবাৰে মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰোতে একাংশ ছাত্ৰ ছাত্ৰীয়ে খোল, তবলা, হাৰমনিয়াম, গীতাৰ, কী ব'ৰ্ড আদি বাদ্যযন্ত্ৰৰ অভাৱ থকাৰ কথা প্ৰকাশ কৰিছিল । মন্ত্ৰী গৰাকীয়ে ব্যক্তিগত প্ৰচেষ্টাত শীঘ্ৰে এই সামগ্ৰীসমূহ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত প্ৰায় ২০ ঘণ্টাৰ ভিতৰতে সকলো বাদ্যযন্ত্ৰ আৰু আন প্ৰয়োজনীয় সামগ্ৰীসহ বিদ্যালয়খনত উপস্থিত হয় আৰু ছাত্ৰ ছাত্ৰীসকলক এই সামগ্ৰীসমূহ প্ৰদান কৰে । মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰা বাদ্যযন্ত্ৰৰ সহায়ত কেইবাগৰাকীও দিব্যাংগ শিক্ষাৰ্থীয়ে গীত পৰিৱেশন কৰি মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে ।

বিদ্যালয়খনতে মন্ত্ৰী হাজৰীকাই আন এগৰাকী দিব্যাংগ কিশোৰীক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ লগতে সকলো দিব্যাংগ শিক্ষাৰ্থীৰে উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনায় আৰু বিভাগীয় মন্ত্ৰী হিচাপে তথা ব্যক্তিগত পৰ্যায়তো যিমানখিনি পাৰি সকলোখিনি কাম কৰিবলৈ প্ৰয়াস কৰিব বুলি উল্লেখ কৰে । বিদ্যালয়খন পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক মৰীয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি সংগ দিয়ে ।

আৰু পঢ়ক: অংগনবাড়ী কেন্দ্ৰত গাখীৰ বুলি ফেনাইল খুৱালে শিক্ষাৰ্থীক, ১০ চিকিৎসালয়ত ভৰ্তি

assam pijus hazarika jorhat