কাব্যঋষি নীলমণি ফুকনৰ বিয়োগত মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক প্ৰকাশ

ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বটাৰে বিভূষিত কাব্যঋষি নীলমণি ফুকন দেৱৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰীকাই।
নীলমণি ফুকন
নীলমণি ফুকন

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ইহলীলা সম্বৰণ কৰে কাব্যঋষি নীলমণি ফুকনে। ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বটাৰে বিভূষিত কাব্যঋষি নীলমণি ফুকন দেৱৰ বিয়োগত শোক প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰীকাই।

এক শোক বাৰ্তাত মন্ত্ৰী হাজৰীকাই কয় যে নিজস্ব সাধনাৰে অসমীয়া কবিতাক সমৃদ্ধ কৰা অসমীয়া কাব্য জগতৰ ভোটা তৰা, কাব্যঋষি নীলমণি ফুকন দেৱৰ মহাপ্ৰয়াণত ৰাজ্যখনৰ সাহিত্য জগতৰ এক সোণোৱালী অধ্যায়ৰ যৱনিকা পৰিল | অনন্য প্ৰতিভাৰ অধিকাৰী, “গোলাপী জামুৰ লগ্ন”ৰ কবি গৰাকী আছিল কলা-সমালোচক, সাহিত্যিক আৰু অধ্যাপক | “সূৰ্য হেনো নামি আহে এই নদীয়েদি” আদি অনুপম কাব্যৰে অসমীয়া ভাষা-সাহিত্যক চহকী কৰি যোৱা মহীয়ান কবিগৰাকীৰ সকলো সৃষ্টিৰাজি অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ ৰূপে চিহ্নিত হৈ ৰ'ব |

মন্ত্ৰী হাজৰীকাই চিৰনমস্য কবি নীলমণি ফুকনদেৱৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে প্ৰয়াত কবিগৰাকীৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে |

আৰু পঢ়ক: বিদ্ৰোহী সংগঠনৰ মুৰব্বী ঘূৰি আহিছে, শীঘ্ৰেই হ'ব শান্তি আলোচনা: হিমন্ত বিশ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in