বিদ্ৰোহী সংগঠনৰ মুৰব্বী ঘূৰি আহিছে, শীঘ্ৰেই হ'ব শান্তি আলোচনা: হিমন্ত বিশ্ব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে কেএলঅ'ৰ মুৰব্বী জীৱন সিং মূলসুঁতিলৈ উভতি আহিছে আৰু শীঘ্ৰেই শান্তি আলোচনা অনুষ্ঠিত হ'ব।
himanta biswa sarma
himanta biswa sarma

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে কেএলঅ'ৰ মুৰব্বী জীৱন সিং মূলসুঁতিলৈ উভতি আহিছে আৰু শীঘ্ৰেই শান্তি আলোচনা অনুষ্ঠিত হ'ব।

তেওঁ কয় যে, "এইটো এটা ভাল খবৰ যে কেএলঅ'ৰ মুৰব্বী গৰাকীয়ে হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহিছে। তেওঁ এতিয়া বিশ্ৰাম ল'ব আৰু লাহে লাহে কেন্দ্ৰৰ লগত শান্তি আলোচনাত মিলিত হ'ব।

তেওঁ কয় যে" এনেকুৱা নহয় যে গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱসত কিবা ডাঙৰ ঘোষণা কৰা হ'ব। ডাঙৰ খবৰ এইটো যে তেওঁলোক মূলসুঁতিলৈ ঘূৰি আহিছে।

লগতে কয় যে আমি আলফা(স্বা) নেতৃত্বৰ সৈতে যোগাযোগ কৰি আছো। বহু দশত ধৰি চলি থকা এই বিষয়টো আমাৰ চৰকাৰে মীমাংশা কৰিব বিচাৰে। কিছুমান সমস্যা তেওঁলোকৰ দাবীৰ পৰা উদ্ভৱ হৈছে। আমি এক ইতিবাচক দিশ লৈ আছো আৰু সকলো সমস্যা সমাধানৰ বাবে যত্ন কৰিম।

উল্লেখ্য যে, ২০২১ চনৰ পৰা কেন্দ্ৰৰ সৈতে কেএলঅৰ এক গোপন বৈঠক চলি আছিল। ৯ সতীৰ্থক লৈ মুৰব্বী গৰাকী মূলসুঁতিলৈ উভতি অহাৰ পাছতে বিষয়টো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

আৰু পঢ়ক: ভেকচিন লোৱাৰ পাছতেই শিশুৰ মৃত্যু, শিৱসাগৰত চাঞ্চল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in