/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/31f473f5-c3c5-4f69-90d7-32093c2aac09/dsgg.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে লখিমপুৰ জিলাৰ উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত খেল মহাৰণ ২০২৩ ৰ উত্তৰ লক্ষীমপুৰ পৌৰসভা পৰ্যায়ৰ খেলসমূহ উদ্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই সকলোকে শুভেচ্ছা জনাই কয় যে ৰাজ্যখনৰ গ্ৰাম্য আৰু চহৰ অঞ্চলৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক সদিচ্ছাত খেল মহাৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/08823cdc-99b0-48d8-883f-f042344464ae/fc99eee3_9b78_41a8_861b_1d64d475d0f2.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/97e12251-1123-442e-af36-2abd5eb9a874/1ee51af6_8c60_41b4_b853_d79b80620176.jpg)
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে খেল মহাৰণৰ জড়িয়তে গাঁও, সমষ্টি আৰু জিলা পৰ্যায়ৰ পৰা গৈ প্ৰতিভাসম্পন্ন খেলুৱৈসকলে ৰাজ্যিক পৰ্যায়ত উপযুক্ত প্ৰশিক্ষণ লাভ কৰিব আৰু পাছলৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাব । মুখ্যমন্ত্ৰী মহোদয়ৰ তত্বাৱধানত ৰাজ্যখনৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলে খেল মহাৰণৰ জড়িয়তে এইদৰে এখন উপযুক্ত মঞ্চ লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।