পথ দুৰ্ঘটনাত মৃত্যু বিশিষ্ট ব্যক্তি উমেশ দত্তৰ

পথ দুৰ্ঘটনাত মৃত্যু বিশিষ্ট ব্যক্তি উমেশ দত্তৰ

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত মৃত্যু বিশিষ্ট ব্যক্তি উমেশ দত্তৰ

ডিজিটেল সংবাদ,গোলাঘাট: গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ফলঙনি অঞ্চলৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু বৌদ্ধিক জগতখনৰ অন্যতম বাটকটীয়া বিশিষ্ট অভিনেত ফলঙনি নবজ্যোতি হাইস্কুলৰ শিক্ষক উমেশ দত্তৰ মৃত্যু। এক পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত হৈ বৃহস্পতি বাৰে গুৱাহাটী এপল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে দত্তই ।

Advertisment

উমেশ দত্তৰ মৃত্যুৰ খবৰে বৃহত্তৰ ফলঙনি অঞ্চলত শোকৰ ছাঁ পেলাইছে। সাংস্কৃতিক জগতখনৰ নীৰৱ সাধক উমেশ দত্তৰ মৃত্যুত শোক স্তব্ধ হৈ পৰে ফলঙনিবাসী। শুকুৰবাৰে পুৱা নশ্বৰ দেহ আহি পোৱাৰ পাছত শোকাকূল পৰিবেশত সহস্ৰাধিক গুন মুগ্ধই শেষ শ্ৰদ্ধা জনায়।

নবজ্যোতি হাইস্কুল, ফলঙনি সাহিত্য সভা, ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘ, ফলঙনি বাপূজী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফলঙনি হাইস্কুল সুত্ৰধাৰ নাট্য গোষ্ঠী, সুৰ সন্ধানী সঙ্গীত কলা একাডেমী, পূব মুৰফুলনী সাংস্কৃতিক সংঘৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধা জনাই তেওঁক।

road accident