ধৰ্ম, ৰাজনীতি, অৰ্থনীতি সকলোৰে উৰ্ধত প্ৰকৃতিঃ যাদৱ পায়েং

নগাঁও কলেজ ( অট’নমাচ) ৰ উদ্যোগত বৃহস্পতিবাৰে ৱাই-২০, জি-২০ ৰ লগত সংগতি ৰাখি ‘জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমনঃ বহনক্ষমতাক জীৱন ধাৰণৰ এক উপায় হিচাপে গঢ়ি তোলা’ শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন হয়।
ধৰ্ম, ৰাজনীতি, অৰ্থনীতি সকলোৰে উৰ্ধত প্ৰকৃতিঃ যাদৱ পায়েং

ডিজিটেল সংবাদ, নগাঁও: নগাঁও কলেজ ( অট’নমাচ) ৰ উদ্যোগত বৃহস্পতিবাৰে ৱাই-২০, জি-২০ ৰ লগত সংগতি ৰাখি ‘জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমনঃ বহনক্ষমতাক জীৱন ধাৰণৰ এক উপায় হিচাপে গঢ়ি তোলা’ শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন হয়। ধৰ্ম, ৰাজনীতি, অৰ্থনীতি সকলোৰে ঊৰ্ধত- প্ৰকৃতি বুলি অনুষ্ঠিত আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত অৰণ্য মানৱ খ্যাত, পদ্মশ্ৰী যাদৱ পায়েঙে কয়। তেওঁ প্ৰকৃতি সংৰক্ষণৰ প্ৰতি কেনেধৰণে কাম কৰিছিল কেনেদৰে তেওঁ অৰণ্য মানৱ সন্মান লাভ কৰিছিল তাৰ এক বৰ্ণনা দাঙি ধৰে।

বক্তব্যত তেওঁ প্ৰকৃতিয়ে ভগৱান আৰু ভগৱানে প্ৰকৃতি বুলি উল্লেখ কৰে। উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশত প্ৰদূষণৰ মাত্ৰা অধিক আৰু উন্নত দেশসমূহে এটা সময়ত উন্নয়শীল দেশৰ পৰা অক্সিজেন ল’বলগীয়া হ’ব বুলি উল্লেখ কৰে। প্ৰসঙ্গক্ৰমে তেওঁ হিউৱেন চাঙে ভাৰতলৈ আহি ঔষধি গছ অধ্যয়ন কৰাৰ কথা আৰু আজিৰ দিনত টাইৱানৰ নিচিনা প্ৰযুক্তি বিদ্যাৰে উন্নত দেশেত ভাৰতীয় মূলৰ ৰঙা চন্দন আৰু বগা চন্দনে শোভা বৰ্ধন কৰি আছে বুলি ব্যক্ত কৰে।

ভাৰতত অধ্যয়নৰ গভীৰতা নথকাৰ বাবে বিদেশী বিজ্ঞানীয়ে ভাৰতৰ পৰা বহু সম্পদ লৈ গৈ আছে বুলি তেওঁ কয়। ‘বুঢা় শালিকাই মাত নলগায়’ আপ্তবাক্য ফাঁকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি উল্লেখ কৰি নৱপ্ৰজন্মইহে প্ৰকৃতি ৰক্ষা কৰিব বুলি ব্যক্ত কৰে। ছাত্ৰ-ছাত্ৰীসকলে জন্মদিনত কেক কটাৰ সলনি এজোপা গছ ৰোপন কৰিব লাগে, যি গছে পৃথিৱীখন বচাই ৰাখিব। প্ৰকৃতি ধ্বংসৰ প্ৰতি শংকা প্ৰকাশ কৰি তেওঁ ক’ভিড-১৯ ৰ প্ৰসঙ্গ উল্লেখ কৰে।

প্ৰকৃতি ধ্বংসৰ ফল মানুহে ক’ভিড-১৯ ৰ জৰিয়তে লাভ কৰিছে বুলি উল্লেখ কৰে। ক’ভিডৰ সময়ত পৃথিৱীখন পৰিষ্কাৰ তথা পশু-পক্ষীয়ে মুক্তভাৱেও বিচৰণ কৰিব পৰা হ’ল বুলি ব্যক্ত কৰে। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আৰু কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সন্চালনা কৰা এই অনুষ্ঠানত যাদৱ পায়ঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতিও শংকা প্ৰকাশ কৰি তেওঁ উত্তৰ পূৰ্বাণ্চলত পানী নোহোৱা হোৱা, তামিলনাডু, উৰিষ্যা, বিহাৰ আদি ৰাজ্য সাগৰ পৃষ্ঠ ওপৰলৈ উঠি অহাৰ ফলত পানীত ডুব যাব বুলি উল্লেখ কৰে।

প্ৰকৃতি ৰক্ষাৰ বাবে আহ্বান জনাই তেওঁ পৰিৱেশ ৰক্ষাৰ পদক্ষেপৰ কথা ব্যক্ত কৰে। পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা হিচাপে তেওঁ অসমত পৰিৱেশ বিশ্ববিদ্যালয় স্থাপন, প্ৰাথমিক, মাধ্যমিক পৰ্যায়ত পৰিৱেশ সম্পৰ্কীয় পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰে। সমগ্ৰ বিশ্ববাসীক এজোপাকৈ গছ ৰোপণ কৰি পৃথিৱীখনক সেউজীয়া কৰি তুলিবলৈ তেওঁ আহ্বান জনায়।

পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে অসম তথা ভাৰতবৰ্ষক বিশ্বৰ পৰিপ্ৰেক্ষাত এখন আদৰ্শ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি আহ্বান জনাই তেওঁ বক্তব্য সামৰণি মাৰে। সণ্চালকৰ ভাষণত অধ্যক্ষ ড০ বৰকটকীয়ে বহনক্ষম পৰিৱেশৰ বিষয়ে ব্যাখ্যা কৰি কয় যে উন্নয়ন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলেহে মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব। সমল ব্যক্তি যাদৱ পায়েঙৰ বক্তৃতাৰ পিছতে নগাঁও কলেজৰ তিনি গৰাকী গৱেষকে নিৰ্বাচিত গৱেষণা পত্ৰ পাঠ কৰে।

এই অনুষ্ঠানত অধ্যাপক-অধ্যাপিকা, সংবাদ কৰ্মী আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে ৱাই-২০, জি-২০ শীৰ্ষ সন্মিলনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে চুবুৰীয়া বিভিন্ন বিদ্যালয়ত গৈ জি-২০ কাৰ্যসূচীৰ ব্যাপক সজাগতা সৃষ্টি কৰিছে।

আৰু পঢ়ক: ৱাই-২০ বৈঠকৰ সৈতে সংগতি ৰাখি ধুবুৰীত তৰ্ক প্ৰতিযোগিতা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in