এখন ভৰিৰে নৃত্য কিশোৰীৰ, কৃত্ৰিম ভৰি লগাই দিয়াৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পিযুষ হাজৰীকাৰ

গহপুৰত ৰাজহুৱা সভাত নৃত্য পৰিবেশন কৰা এগৰাকী কিশোৰীক কৃত্ৰিম ভৰি লগাই দিয়াৰ দায়িত্ব ল'লে মন্ত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
এখন ভৰিৰে নৃত্য কিশোৰীৰ, কৃত্ৰিম ভৰি লগাই দিয়াৰ দায়িত্ব গ্ৰহণ মন্ত্ৰী পিযুষ হাজৰীকাৰ

ডিজিটেল ডেস্কঃ এগৰাকী দিব্যাংগ কিশোৰীক সহায়ৰ হাত মন্ত্ৰী পীযুষ হাজৰীকাৰ। গহপুৰত ৰাজহুৱা সভাত নৃত্য পৰিবেশন কৰা এগৰাকী কিশোৰীক কৃত্ৰিম ভৰি লগাই দিয়াৰ দায়িত্ব ল'লে মন্ত্ৰীগৰাকীয়ে।

এই কথা সভাত ৰাজহুৱাকৈ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। সভাৰ মঞ্চত কিশোৰীগৰাকীৰ পিতৃ সহায় কৰাৰ আশ্বাস প্ৰদান কৰি স্থানীয় বিধায়কৰ লগত অতি সোনকালে গুৱাহাটীলৈ লৈ আনিবলৈ পৰামৰ্শ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

উল্লেখ্য যে, গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাবাৰী এম.ই স্কুলৰ পৰা পূব ছয়দুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়লৈ অনুষ্ঠিত হোৱা "অমৃত কলহ" যাত্ৰাৰ কাৰ্যসূচীত এখন ভৰিৰে নৃত্য পৰিবেশ কৰিছিল কিশোৰীগৰাকীয়ে।

সভাত বিধায়কদ্বয় ক্ৰমে উৎপল বৰা, প্ৰমোদ বৰঠাকুৰ , বিশ্বনাথৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ সহিতে বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

Also Read: জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু

pijus hazarika