জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু

জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
 জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু

ডিজিটেল ডেস্কঃ প্ৰয়াত এছআই জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু। জিএমচিএইচত মৃত্যু হয় জোনমণি ৰাভাৰ ভাতৃৰ।

মঙলবাৰে সন্ধিয়া প্ৰায় ৬.৪০ বজাত মৃত্যু হয় । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত ভুগি আছিল কৰুণা ৰাভা । প্ৰায় ২০ দিন ধৰি জিএমচিএইচত ভৰ্তি হৈ আছিল ৰাভা।

কিছু সময়ৰ পিছতেই GMCH ৰ পৰা কাহিলীপাৰা দক্ষিণ গাঁওস্থিত ঘৰলৈ লৈ যোৱা হ'ব কৰুণা ৰাভাৰ নশ্বৰ দেহ।

অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত থাকিব লগাত পৰিছিল কৰুণা ৰাভা। প্ৰথমে হেল্থ চিটি হাস্পাতালত চিকিৎসাধীন হৈ আছিল কৰুণা ৰাভা। অৰ্থৰ অভাৱত পৰৱৰ্তী সময়ত জিএমচিএইচলৈ অনা হৈছিল।

Also Read: বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

joonmani rabha