/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/cc58638d-e6ce-47af-b54b-9fa800f7d9fc/yty.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী ৰণডংকা। তিতাবৰত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী হাজৰীকাৰ। বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰীকাই। বিশাল জনসমাগমক সম্বোধন কৰি বিজেপি চৰকাৰৰ উন্নয়নৰ অৱলোকন কৰে মন্ত্ৰী গৰাকীয়ে। তেওঁ ভাষণত কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনত আহোতে বিজেপিয়ে ২৭৪ টা লোকসভা সমষ্টিত জয়লাভ কৰে। ২০১৯ত বিজেপিয়ে অকলে ৩০৩ টা লোকসভা সমষ্টি দখল কৰিবলৈ সক্ষম হয়।
এইবাৰ পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰিব। কাৰণ মোডী ডাঙৰীয়া কেইবাবাৰো গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল আৰু ভাৰতবৰ্ষৰ লোকে নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে। বিজেপিৰ কোনো নেতা কেতিয়াও কোনো দুৰ্নীতিত লিপ্ত হোৱা নাই। কেতিয়াও ভাৰতবৰ্ষৰ কোনো লোকক বিপথে পৰিচালিত কৰা নাই আৰু দুখীয়াৰ বাবে সদায় মোদীজীয়ে কাম কৰি আহিছে।
আগতে কংগ্ৰেছৰ দিনত ইন্দিৰা আবাস যোজনাৰ অধীনত ঘৰ লাভ কৰিছিল যাৰ মূল্য আছিল ৭৫ হাজাৰ টকা। কিন্তু সেই ধন প্ৰথমে সোমাইছিল BDOৰ একাউন্টত। সেই সময়ত পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছিল টকা লোৱাৰ অভিযোগ। ৭ শৰ পৰা ১২ হাজাৰ পৰ্যন্ত উৎকোচ লোৱাৰ আছে অভিযোগ। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই একোটা ঘৰৰ মূল্য কৰিলে ডেৰ লাখ টকা। সেই টকা সোমাল গৃহস্থৰ একাউণ্টত। এতিয়া কোনেও টকা ল'ব নোৱাৰে যাৰ ঘৰ তেওঁ চিধাচিধি লাভ কৰিছে নিজৰ একাউণ্টত ধন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/f4070e6c-dcbf-4ae4-a371-d826ad70d6d1/5b122536_3226_4015_a05b_3e7909f9145d.jpg)
এইটো আছিল মোদী ডাঙৰীয়াৰ এটা বৃহৎ সাফল্য। বিগত ১০ বছৰত ৪ কোটি মানুহক ঘৰ বনাই দিলে মোদী ডাঙৰীয়াই। তাৰপিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোৰে বাবে কৰিলে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। লগতে কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় কংগ্ৰেছৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল। আৰু বিজেপিয়ে যোৱা ৭ বছৰ ১০ মাহত অসমত ১৮ খন মেডিকেল কলেজ বনাইছে। প্ৰায় ৫৯ বছৰ কংগ্ৰেছৰ শাসনকালত ইমানখিনি উন্নতি হোৱা নাছিল যিমান বিজেপি চৰকাৰে মাত্ৰ ৮ বছৰত কৰি দেখুৱালে। কংগ্ৰেছে ৫৯ বছৰত মাত্ৰ ৭ খন বিশ্ববিদ্যালয় নিৰ্মাণৰ বিপৰীতে বিজেপিয়ে ৮ বছৰত ১৫ খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিলে।
অসমীয়া ল'ৰা ছোৱালীক শিক্ষিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপ গ্ৰহণ কৰে। যি মানুহ শিক্ষিত হয়, স্বাস্থ্যৱান হয় তেওঁলোকৰ ঘৰলৈ আপোনাআপুনি সন্মান আহিব বুলি উল্লেখ মন্ত্ৰী হাজৰিকাৰ। কংগ্ৰেছৰ দিনত কেৱল সূতা কম্বল আৰু ফাঁকিৰ ৰাজনীতি চলিছিল। অৰুণোদয়, বিনামূলীয়া চাউল, উদ্যমিতা আঁচনি, ৰেছন কাৰ্ডৰ সুবিধা নাছিল। প্ৰথমে ২১ লাখ লোকে অৰুণোদয় আঁচনি পাইছিল বৰ্তমান ২৭ লাখে এই আঁচনি লাভ কৰিছে। অহা ১ বছৰৰ ভিতৰত ৫২ লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰীকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/84aa884d-7127-46b3-90df-707944d396ae/cfa32871_bd5c_4831_806a_4265d2e72978.jpg)
তেওঁ কয়,এইবাৰ ৰেচন কাৰ্ড থকা সকলে প্ৰত্যেকে অৰুণোদয় আঁচনি লাভ কৰিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই যি কয় আখৰে আখৰে পালন কৰে। কংগ্ৰেছৰ দিনত টকা নিদিয়াকৈ চাকৰি হৈছিল নেকি ৰাইজক প্ৰশ্ন কৰাত ৰাইজৰ উত্তৰ আহিল নাই হোৱা। এতিয়া বিজেপিৰ দিনত এটকাও টকা নিদিয়াকৈ ১ লাখ চাকৰি লাভ কৰিছে যুৱক যুৱতীয়ে।
তিতাবৰবাসীক উদ্দেশ্যি আকৌ প্ৰশ্ন মন্ত্ৰী হাজৰীকাৰ মাজুলীৰ দৰে উন্নতি তিতাবৰত কিয় হোৱা নাই কংগ্ৰেছৰ নেতা সকলক সোধক। কংগ্ৰেছৰ দম্ভালি মৰা কথা তিতাবৰত কাম নকৰিলেও আমি ভোট লাভ কৰিম। এনে কথাৰ উচিত প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে তেনেধৰণৰ আৱেগত উটি গৈ একো লাভ নাই। যিয়ে কাম কৰে যিয়ে উন্নয়ন কৰে তাকে আপোনালোকে বহুমূলীয়া ভোট দিব বুলি ৰাইজক আহ্বান মন্ত্ৰী হাজৰীকাৰ। লগতে তেওঁ কেইটামান তুলনা দাঙি ধৰে তিতাবৰৰ ৰাইজৰ আগত। তিতাবৰত কংগ্ৰেছৰ দিনত ১৫ বছৰে কি কি উন্নয়ন হ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/649ce022-d838-4afd-ad07-cb875e7b187b/ef958482_9896_4241_b968_13c17eb073c3.jpg)
তিতাবৰত ৰাস্তা-পদূলি, শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ, উন্নত ছাৰ্কিট হাউচ, পানী যোগান আঁচনি এইবোৰ কিয় হোৱা নাই। মন্ত্ৰী পীযুষ হাজৰীকাৰ সমষ্টিত শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহৰ লগতে আছে ফ্লাই অভাৰ কিন্তু তিতাবৰবাসী এই সকলোবোৰৰ পৰা বঞ্চিত হৈ আছে।
শাসনত বিজেপি থাকে কিন্তু তিতাবৰত বিধায়ক সাংসদ কংগ্ৰেছ থাকে বাবে তিতাবৰত কোনো কাম ভালদৰে নহয়। এইবাৰ যাতে ৰাইজে আগৰ দৰে ভুল নকৰে। কংগ্ৰেছক ভোট দিলে অসম আগুৱাই যাব কিন্তু তিতাবৰ পিছুৱাই থাকিব। গতিকে তিতাবৰৰ উন্নতিৰ বাবে সকলোৱে বিজেপিক ভোট দিয়ক এই আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰীকাই। ইপিনে তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে মহিলা সকলৰ মাইক্ৰ ফাইনেন্সৰ ঝণ সমূহো মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি অনুসৰি ২১০০ কোটি টকা বেংক সমূহক পৰিশোধ কৰিছে। যিবোৰ কংগ্ৰেছ শাসনত থাকিলে কেতিয়াও সম্ভৱ নহ'লহেতেন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ebf8dcef-79e2-44bf-8d11-ad4ee57020fb/8df10295_fdc0_4d2a_8d07_9a9afe3608ec.jpg)
কংগ্ৰেছৰ দিনত ধানৰ দাম ১১০০ টকা আছিল বৰ্তমান ধানৰ দাম ২২০০ টকা হ'ল। কাৰণ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ খাদ্য নিগমে অসমৰ কৃষকৰ পৰা ধান ক্ৰয় কৰা হ'ল যাৰবাবে ধানৰ মূল্য দুগুণ হৈ গ'ল। এই কামটো কংগ্ৰেছে কৰা নাই মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে কৰিছে। লগতে তেওঁ কয় যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি.এ, বি. এছ.চি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব। এনেদৰে নিজৰ অনৰ্গল ভাষণত তিতাবৰবাসীৰ মন জয় কৰিবলৈ সক্ষম হয় মন্ত্ৰী পীযুষ হাজৰীকা।
Also Read: বিধানসভা নিৰ্বাচনৰ বাবে অৰুণাচল প্ৰদেশত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us