বিধানসভা নিৰ্বাচনৰ বাবে অৰুণাচল প্ৰদেশত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

বিধানসভা নিৰ্বাচনৰ বাবে অৰুণাচল প্ৰদেশত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

ডিজিটেল সংবাদ, ইটানগৰ: ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বুধবাৰে ইটানগৰত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰী পেমা খান্দু, অৰুণাচল প্ৰদেশৰ নিৰ্বাচনী প্ৰভাৰী অসমৰ মন্ত্ৰী অশোক সিংঘাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি বিয়ুৰাম ৱাগেই দলীয় বিষয়ববীয়া আৰু সমৰ্থকৰ উপস্থিতিত এক অনুষ্ঠানত ইস্তাহাৰখন উন্মোচন কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই উন্মোচনী ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন সম্ভৱ নহয় বুলি কৈ আহিছে আৰু হাতে-কামে বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰীক উন্নয়ন সাধন কৰিৰলৈ সক্ষম হৈছে।

উদাহৰণ স্বৰূপে তেওঁ কয় যে, দিল্লীৰ পৰা মাত্ৰ চাৰি ঘন্টাৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত আহি উপস্থিত হৈছেহি যিটো আজিৰ পৰা ৫ বছৰ আগত অসম্ভৱ আছিল ।আজিৰ দৰে উন্নত যোগাযোগ ব্যৱস্থা অৰুণাচল প্ৰদেশত সম্ভৱপৰ হ'ব বুলিও কোনেও কল্পনা কৰা নাছিল।

অহা পাঁচ বছৰত বিজেপিয়ে অৰুণাচল প্ৰদেশত চৰকাৰ গঠন কৰিলে মুখ্যতঃ পথ, বিমান আৰু ৰেলপথৰ আন্তঃগাঁথনিৰ উন্নয়ন, ১০০০ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ, ২৬,০০০ কোটী টকা ব্যয়ৰে চীন সীমান্তত ১৭৪৮ কিলোমিটা দৈৰ্ঘ্যৰ ৯১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, ইলেকট্ৰিক বাছৰ প্ৰচলন আৰু বাছ চাৰ্জিং পইন্ট নিৰ্মাণ, ২৫,০০০ চৰকাৰী আৰু বেচৰকাৰী চাকৰি প্ৰদান, অৰুণাচল প্ৰদেশৰ ৫০০ খন প্ৰত্যন্ত গাৱত ড্ৰোণৰ সহায়ত জীৱনদায়িনী ঔষধৰ যোগান ধৰা আদি অনেক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। আনহাতে পুনৰ ক্ষমতালৈ আহিলে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ তদাৰকীত "মুখ্যমন্ত্ৰী জনশুনৱাই" পদক্ষেপৰ দ্বাৰা মিচকলৰ জৰিয়তে ৰাইজৰ অভিযোগ গ্ৰহণ কৰা আৰু সমাধান কৰাৰ বিধান কৰিব বুলিও ইস্তাহাৰখনত উল্লেখ কৰিছে।

ইস্তাহাৰ উন্মোচন কৰাৰ পাছত বিজেপিৰ সভাপতি গৰাকীয়ে দৈমুখত এখন ৰাজহুৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কেইবা হেজাৰ বিজেপি কৰ্মী-সমৰ্থক উপস্থিত থকা সভাখনত তেওঁ অৰুণাচল প্ৰদেশত পুনৰ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ গঠন হ'ব বুলি কয়। উল্লেখ্য যে ৬০ জনীয়া অৰুণাচল বিধানসভাত মুখ্যমন্ত্ৰী পেমা খান্দু, উপ-মুখ্যমন্ত্ৰী চাওনা মেইনকে ধৰি বিজেপিৰ ১০ জন প্ৰাৰ্থী বিনা প্ৰতিদন্দ্বিতাৰে বিধানসভালৈ নিৰ্বাচিত হৈছে। মূল বিৰোধী দল কংগ্ৰেছে মাত্ৰ ১৯ টা সমষ্টিত হে প্ৰাৰ্থী থিয় কৰাইছে।

বিধানসভা নিৰ্বাচনৰ বাবে অৰুণাচল প্ৰদেশত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ
শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ যুৱকৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in