/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d9e14eff-a672-4cb1-90ef-35aaefa19a2c/gfgfd.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ দেওবাৰে নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও-বটদ্ৰৱা বিধানসভাৰ ৰাইদিঙ্গীয়াত প্ৰচাৰ সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি গভীৰ আস্থা আৰু আদৰ প্ৰদৰ্শন কৰা ৰাইজক বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/899ce87c-4b25-4214-b49f-e30bcb76792f/12a1677d_7ab0_49a2_94fc_c171ed482360.jpg)
সকলোকে উন্নয়নৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় পীযুষ হাজৰীকাই। তেওঁ ভাষণত কয় যে আজিৰ পৰা ৮ বছৰ পূৰ্বে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। এই ৮ বছৰত আমি এনে কিছু কাম কৰিলো যাৰবাবে অসমৰ ৰাইজে ৩বছৰ পূৰ্বে ২য় বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰিছে। সেয়া লাগিলে বিধানসভা নিৰ্বাচন হওক, লোকসভা নিৰ্বাচন, উপ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনেই নহওক কিয়। সকলোতে ৰাইজে ভোট দিছে বিজেপিক। তাৰ আগত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছে ৬০ বছৰ কাল ৰাজত্ব কৰিছে।
কিন্তু ইমান বছৰে কংগ্ৰেছে ৰাইজক মিছা কথা কৈছিল, অপশাসন কৰিছিল, মানুহৰ অন্যায় কৰিছিল। কংগ্ৰেছ ভাৰতবৰ্ষৰ নীৰিহ জনতাৰ হত্যাৰ অপৰাধী। এনেকুৱা দিন আহিছিল কংগ্ৰেছৰ দিনত মানুহে খাবলৈ নাপাই মৃত্যুমুখত পৰিবলগীয়া হৈছিল। কংগ্ৰেছে অসমত ৬০ বছৰত মাত্ৰ ৬ খন মেডিকেল কলেজ বনাইছিল। যাৰবাবে চিকিৎসকৰ অভাৱত ভুগিব লগীয়া হৈছিল। গাঁৱলৈ চিকিৎসক পঠিয়াব নোৱাৰা হোৱাত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু ৮ বছৰত মুখ্যমন্ত্ৰীয়ে অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/371cfccf-6cf6-4eef-877c-e3a25f5131b8/f1280f53_ca70_4e70_883f_da56b4460660.jpg)
নগাঁওত মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে, মৰিগাঁৱত মেডিকেলৰ কাম চলি আছে। নলবাৰীত মেডিকেল কলেজৰ কাম চলি আছে। গুৱাহাটীত ২য় খন মেডিকেল কলেজ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। কোকৰাঝাৰ, ধুবুৰী,ডিফুত মেডিকেল কলেজৰ কাম আৰম্ভ হ'ল। বিশ্বনাথ চাৰিআলিত, ধেমাজিত মেডিকেল কলেজৰ কাম চলি আছে। লখিমপুৰত মেডিকেল কলেজ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল।
কংগ্ৰেছৰ দিনত মাত্ৰ ৭ খন বিশ্ববিদ্যালয় আছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত ১৫ খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰি তুলিলে। বটদ্ৰৱা থানৰ এতিয়া আগৰ পৰিৱেশ নাই। হিমন্ত বিশ্ব শৰ্মাৰ দিনত সকলো সলনি হৈ গ'ল। বৰদোৱাৰ বাবে কংগ্ৰেছে একো নকৰিলে কেৱল বিজেপিয়ে কৰিছে। কংগ্ৰেছে বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড,উজলা গেছ, আয়ুস্মান কাৰ্ড দিয়া নাছিল এই সকলোবোৰ বিজেপিয়ে দিছে। সেয়ে সকলোৱে এটা এটা ভোট বিজেপিক দিয়ক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4da55934-e152-4809-bac0-5f71fdf33eed/47bbedb1_b112_4228_a106_71e77adcd9e5.jpg)
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়ুস্মান কাৰ্ডৰ সুবিধা কৰি দিছে। যাৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰা হয়। ৫ লাখ টকা পৰ্যন্ত ৰেহাই পোৱা হয়। কংগ্ৰেছৰ দিনত এইবোৰ নাছিল বাবে মানুহৰ মৃত্যু হৈছিল। এতিয়া পৰিৱেশ সলনি কৰি দিলে বিজেপি চৰকাৰে। চৰকাৰে যোৱা আঢ়ৈ বছৰত ১ লাখ চাকৰি দিছে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিছে। কংগ্ৰেছে এইবোৰ কৰা নাছিল কেৱল চাকৰিৰ নামত লাখে লাখে টকা লৈছিল। কংগ্ৰেছৰ দিনত চাকৰি পাবলৈ ধনী ঘৰৰ হ'ব লাগিব।
নহ'লে চাকৰি নাপায়। এতিয়া চাকৰি পাবলৈ মেধা সম্পন্ন হ'ব লাগিব। আগতে কংগ্ৰেছৰ দিনত চৰকাৰী ঘৰৰ নামত লাভ কৰিছিল ৭৫ হাজাৰ টকা। একেবাৰে সাধাৰণভাৱে নিৰ্মাণ কৰি দিছিল ঘৰবোৰ। তাতে আকৌ ঠিকাদাৰ,দালালে, BDO, বিধায়কে মিলি পইচা খাইছিল। আজিকালি ঘৰবোৰ গৃহস্থই নিজৰ ইচ্ছা অনুসৰি সাজি লয়। এতিয়া ডেৰ লাখ টকা লাভ কৰে গৃহস্থই। এই কাম নৰেন্দ্ৰ মোদীয়ে কৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/952c15f2-6d8b-42be-aacd-a72e8c01d645/788d2d3b_50bc_4b4d_a228_c3fab5fbaa16.jpg)
কংগ্ৰেছৰ দৰে আমি সূতা কম্বলৰ ৰাজনীতি নকৰো আমি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিম। এইবাৰ যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি.এ, বি. এছ.চি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। লাখপতি বাইদেউৰ ফৰ্ম ফিলাপ কৰা মহিলা সকলে জুলাই মাহত ১০ হাজাৰকৈ টকা লাভ কৰিব। সেই টকৰে যিয়ে কাম কৰিব তেওঁলোকে অহা বছৰ ২৫ হাজাৰকৈ টকা লাভ কৰিব। কংগ্ৰেছৰ দিনত ধানৰ মোন আছিল ৪০০ টকা বৰ্তমান ধানৰ দাম ৮০০ টকা হ'ল।
কাৰণ অসম চৰকাৰ অসমৰ কৃষকৰ পৰা ধানবোৰ ক্ৰয় কৰি লয়। এনেবোৰ উন্নতিৰ ধাৰা যাতে অব্যাহত থাকে তাৰবাবে সকলোৱে বিজেপিক ভোট দিয়ে তাৰবাবে মন্ত্ৰী পীযুষ হাজৰীকাই সকলোকে অনুৰোধ জনায়। ইয়াৰ পাছতেই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহীৰ শিঙ্গাৰি বজাৰ আঞ্চলিক খেলপথাৰত বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ কিছু সময়ৰ পাছতে মঞ্চৰ পৰা নামি আহি জনতাৰ মাজত সোমাই পৰে পীযুষ হাজৰীকা।
ৰাইজক উদ্দেশ্যি আশ্বাস প্ৰদান এইবাৰ দালাল নোহোৱা কৰি দিম ৰূপহীত। কংগ্ৰেছ থকা বাবে ৰূপহীত কিছু দালাল আছে কিন্তু এইবাৰ এটাও দালাল নোহোৱা কৰি দিম। সেয়া মাটিৰ দালালেই হওক বা যি দালালেই হওক। ল'ৰা ছোৱালী, জ্যেষ্ঠ, মহিলা সকলৰ বাবে কাম কৰিম বিজেপিয়ে সকলোৰে বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। ইয়াৰ পাছতেই পোনে পোনে মন্ত্ৰী পীযুষ হাজৰীকা গৈ উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিৰ লাওগাঁও হাইস্কুল খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত।
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ আদৰ-স্নেহ লভি সমৃদ্ধ হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিযান চলাই পীযুষ হাজৰীকাই। তেওঁ সভাখনত মঞ্চত নাথাকি ৰাইজৰ সৈতে ৰ'দত একেলগে থিয় দি ভাষণ প্ৰদান কৰে। ৰাইজক কংগ্ৰেছৰ কু্-কীৰ্তিৰ লগতে বিজেপিৰ উন্নয়নৰ কামৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী হাজৰীকাই। বিজেপিক ভোট নিদিয়াকৈ ইমানখিনি কাম কৰাৰ পিছতো যদি এইবাৰ বিমুখ কৰে তেন্তে মনত বহুত কষ্ট পাম বুলি কয় মন্ত্ৰী হাজৰীকাই। বিজেপি আহিলে আজান বন্ধ হ'ব মছজিদ ভাঙি দিব বুলি ভয় দেখুৱাইছে কংগ্ৰেছে কিন্তু তেনে কেতিয়াও নহয় বুলি অভয় প্ৰদান পীযুষৰ।
প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে যোগাযোগ কৰিছিল বুলিও ভাষণত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। এইবাৰ কংগ্ৰেছৰ পৰা টিকট নাপালে বিজেপিত যোগদান কৰিলে হয় প্ৰদ্যুৎ বৰদলৈয়ে। গতিকে তেনে এজন মিছলীয়াক ভোট নিদিবলৈ আহ্বান মন্ত্ৰী হাজৰীকাৰ। লাওগাঁওত সভা শেষ কৰি মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হয় চামগুৰি বিধানসভা সমষ্টিৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েচনৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত।
সভাত উপস্থিত হৈয়ে তেওঁ কয় যিয়ে চাকৰিৰ নামত পইচা বিচাৰিৰ মামাই চিধা জেলত ভৰাই দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই কাৰো সাহস নাই ৰখাবলৈ। কংগ্ৰেছ আহিলে আকৌ সূতা কম্বলৰ ৰাজনীতি আহি যাব। উন্নয়ন কেতিয়াও নহয়। গতিকে কোনেও যাতে নিজৰ বহুমূলীয়া ভোট নষ্ট নকৰে তাৰবাবে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। এনেদৰে উদাণ্ড ভাষণেৰে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মন্ত্ৰী পীযুষ হাজৰীকাই।
Also Read: নিষিদ্ধ দ্ৰব্যসহ আটক তিনি যুৱক