/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ddfcacfd-8b1d-4699-b290-8d7945ed34be/hh.jpg)
ডিজিটেল সেৱা, কঠীয়াতলী : দেওবাৰে সন্ধ্যা নগাঁও জিলাৰ পানীখাইতিত তিনি বাকচ ড্ৰাগছসহ তিনিজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি গোপন সুত্ৰৰ খবৰৰ ভিত্তিত নগাঁও জিলা উপ আৰক্ষী অধীক্ষক সন্দিপন গাৰ্গৰ নেতৃত্বত যোৱা কঠীয়াতলী আৰক্ষীৰ এটি দলে পানীখাইতিত অভিযান চলাই তিনিটা চাবোন বাকচত ভৰাই অনা ড্ৰাগছ সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়।
হোজাইৰ পৰা নগাঁও অভিমুখে আহি থকা এ এচ ০২ এ কে ২৪৫১ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনত ভৰাই অনা সমযত ড্ৰাগছ খিনি জব্দ কৰে। ধৃত লোক কেইজন নগাঁৱৰ চিৰাজুল ইচলাম, কাচেম আলি, আবুল ফজল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
Also Read: ৯৫.১৭ শতাংশ নম্বৰৰে বৰহোলালৈ গৌৰৱ কঢ়িয়াই আনিছে কস্তুৰী শইকীয়াই