তেজপুৰত ভূমি উপদেষ্টা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

তেজপুৰত ভূমি উপদেষ্টা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
তেজপুৰত ভূমি উপদেষ্টা সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে তেজপুৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক সম্বোধন কৰে | মিচ্যন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি সংক্ৰান্তীয় সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভাগীয় কাম অব্যাহত আছে |

Advertisment

আজিৰ সভাখনত ১৫২৫ জন ভূমিহীন আবেদনকাৰীক ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় | সভাখনত মন্ত্ৰী হাজৰীকাই সকলোকে উদ্দেশ্যি কয় যে মিচ্যন বসুন্ধৰা ২.০ ৰ অধীনত পাব নলগা কোনো ব্যক্তিয়ে যাতে মাটি লাভ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব লাগে | তদুপৰি ট্ৰাইবেল বেল্টত যাতে নীতি বহিৰ্ভূতভাৱে বাহিৰা মানুহে মাটিৰ আবন্টন লাভ কৰিব নোৱাৰে তাৰ প্ৰতিও সংশ্লিষ্ট সকলোকে সজাগ হৈ কাম কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে |

পাছত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় যে বহুতো পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত আজিৰ সভাত ১৫২৫ গৰাকী যোগ্য আবেদনকাৰীক মাটিৰ আবন্টন দিয়া হয় | আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ে ভূমি বিচৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিশ্ববিদ্যালয়খনে প্ৰশাসনৰ পৰা প্ৰায় ২৪০ একৰ ভূমি বিচাৰিছে | ইতিমধ্যে চৰকাৰে ১০০ বিঘা ভূমি আবন্টন দিয়াৰ বিপৰীতে আন ৫০ বিঘা চৰকাৰী মাটি আবন্টনৰ বাবে সাজু আছে | বাকী ভূমি অধিগ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰা হ’ব বুলি মন্তব্য কৰে |

Also Read: মুখ্যমন্ত্ৰীয়ে দেখিছেনে? অমৃত পানী ওলাইছে...

pijus hazarika