দক্ষিণ শালমাৰা-মানকাছাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

দক্ষিণ শালমাৰা-মানকাছাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন  মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল সংবাদ, মানকাচৰঃ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাছাৰ জিলা ভ্ৰমণ কৰে। এই সময়চোৱাত জিলাখনৰ কোক্‌ৰাডাঙ্গাৰ পৰা হাজিৰহাট অঞ্চল পৰ্যন্ত স্পীডবোটেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰত্যক্ষভাৱে বুজ লয় ।

বিভাগীয় বিষয়া অভিযন্তা আৰু জিলা আয়ুক্তক লগত লৈ মন্ত্ৰীগৰাকীয়ে খহনীয়া অধ্যুষিত অঞ্চলটোৰ বুজ লৈ জৰুৰীভাৱে প্ৰয়োজন হোৱা প্ৰায় ৫ কিল'মিটাৰ দৈৰ্ঘ্যত বাঁহ আৰু পৰ্কুপাইনেৰে খহনীয়া ৰোধৰ কামৰ ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে । উল্লেখ্য যে এই অঞ্চলত প্ৰায় ১০ কিল'মিটাৰ দৈৰ্ঘ্যত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই সমস্যাৰ সৃষ্টি কৰি আহিছে, ইয়াৰে প্ৰায় চাৰি কিল'মিটাৰ অংশত জলসম্পদ বিভাগে পৰ্কুপাইনৰ জড়িয়তে খহনীয়া ৰোধৰ কাম কৰিছে ।

মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শনৰ সময়ত পৰ্কুপাইনৰ লগতে বাঁহ আদিৰ ব্যৱহাৰেৰে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে । পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে হাটচিঙিমাৰি আৱৰ্ত ভৱনত স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে ।

দক্ষিণ শালমাৰা-মানকাছাৰত ব্ৰহ্মপুত্ৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন  মন্ত্ৰী পীযুষ হাজৰীকাৰ
জাতিগত ৰাজনীতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in