জাগীৰোডত নতুনকৈ ১৩৭০২ টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

জাগীৰোডত নতুনকৈ ১৩৭০২ টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author-image
Asomiya Pratidin
New Update
জাগীৰোডত নতুনকৈ ১৩৭০২ টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ অন্তৰ্গত মায়ং উন্নয়ণ খণ্ডৰ সমীপৰ বিষ্ণু ৰাভা বিহুতলীত আয়োজিত এক অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত জাগীৰোড সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসকললৈ আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে।

Advertisment

উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক যোৱা ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে । ইয়াৰ অংশ হিচাপে জাগীৰোডত মন্ত্ৰী হাজৰীকাৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ ১৩৭০২ টা পৰিয়াললৈ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হয় । ইয়াৰ জৰিয়তে নতুনকৈ মুঠ ৩২,৩৪৫ গৰাকী হিতাধিকাৰী উপকৃত হ'ব ।

আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিল'গ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিল'গ্ৰামকৈ চাউল লাভ কৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে কয় যে অসমত এই চাউল সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ আৰু প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত এই চাউল হিতাধিকাৰীসকলে লাভ কৰে । আনহাতে ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ প্ৰতিজন ব্যক্তিৰে কল্যাণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে সকলোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে অসমত এতিয়া ধনৰ বিনিময়ত চৰকাৰী চাকৰি লাভ কৰাৰ দিন আৰু নাই ।

চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি অৰুণোদই, মাইক্ৰ'ফাইনেন্স লোণ ৰেহাই আদি আঁচনিও সফলতাৰে কাৰ্যকৰী কৰিছে । আনহাতে মহিলা সৱলীকৰণৰ এক দৃঢ় পদক্ষেপ হিচাপে আত্মসহায়ক গোটৰ সদস্যাই প্ৰতি ১০,০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত আৰু উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ আন সমষ্টিৰ লগতে জাগীৰোড সমষ্টিও উন্নয়নৰ ন-উদ্যমেৰে আগবাঢ়ি গৈছে । সমষ্টিটো বিগত বৰ্ষত বানমুক্ত কৰি কৃষকসকলক সকাহ দিয়াৰ লগতে ৰাষ্ট্ৰা-পদূলিৰ উন্নয়নেৰে সমষ্টিটোক ৰাজ্যখনৰ ভিতৰতে জাকত জিলিকা সমষ্টি হিচাপে গঢ় দিবলৈ প্ৰয়াস কৰি থকা হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

প্ৰণিধানযোগ্য যে সমগ্ৰ ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । আজিৰ জাগীৰোডৰ এই অনুষ্ঠানত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

Also Read: উৎকোচ লৈ হাত দাঙিলে এগৰাকী অধ্যক্ষই

pijus hazarika