/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6c935b79-aa2c-4a1c-bdb7-a383ee068ac8/erd.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যেত পুনৰ উৎকোচ লৈ হাত দাঙিলে এগৰাকী অধ্যক্ষই। বৃহস্পতিবাৰে ৰূপহীহাটৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই উৎকোচ লৈ হাতে লোটে প্ৰেপ্তাৰ হয়।
দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে অধ্যক্ষ বুলবুল চৌধুৰীক। শিক্ষকৰ এৰিয়াৰ বিল পাছ কৰাই দিয়াৰ নামত উৎকোচ বিচাৰিছিল অধ্যক্ষ বুলবুল চৌধুৰীয়ে।প্ৰত্যেকজন শিক্ষকৰ পৰা ২ হাজাৰকৈ টকা উৎকোচ বিচাৰিছিল অধ্যক্ষ বুলবুল চৌধুৰীয়ে। সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ঘোচখুৰ অধ্যক্ষ বুলবুল চৌধুৰীয়ে।
Also Read: ৰাশিকা প্ৰথম হোৱাত আপত্তি কিয়?