/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/96244ac9-ed68-44cd-8720-be230fc20605/pijus.jpg)
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা বুধবাৰে গহপুৰত বন অধিকাৰ আইন ২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত আজি মন্ত্ৰী হাজৰীকাই ভূমি সংৰক্ষণ আৰু হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত বন অধিকাৰ আইন ২০০৬ ৰ অধীনত ১৫৮৮ টা জনজাতিয় পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ বিতৰণ কৰে।
অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালকে মাটিৰ অধিকাৰ প্ৰদান কৰিবলৈ প্ৰয়াস কৰি আহিছে । মিছন বসুন্ধৰাৰ জড়িয়তে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বসুন্ধৰাৰ সমানে সমানে মিছন ভূমিপুত্ৰৰ জড়িয়তেও ৰাজ্যৰ খিলঞ্জীয়া লোকক বিভিন্ন ধৰণেৰে সহায় কৰাৰ প্ৰয়াস কৰি আহিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/97b31b35-f907-4157-9e05-33995f84aae1/4fb2abff_34e4_40a6_8553_ab178940dbc1.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/941e384d-2319-46ff-b341-1036cfee8796/4f4bb689_9eed_4c24_8904_acd8f6f11b03.jpg)
আনহাতে আজিৰ অনুষ্ঠানত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ লাভ নকৰা ব্যক্তি সকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় যে জিলা প্ৰশাসনে অহৰহ এই ক্ষেত্ৰত কাম কৰিছে আৰু সোনকালেই তেঁওলোকক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব ।
মন্ত্ৰী হাজৰীকাই লগতে কয় যে অসম চৰকাৰে "অৰুণোদয়" আঁচনিৰ জড়িয়তে ৰাজ্যখনৰ পৰা "দুখীয়া" শব্দটো নোহোৱা কৰিবলৈ প্ৰয়াস কৰি আছে । অসমৰ সামগ্ৰিক উন্নয়ন তথা ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ হকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহৰহ কাম কৰি আছে বুলিও মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে ।
আজিৰ অনুষ্ঠানত বি টি আৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস আৰু গহপুৰ আৰু বিশ্বনাথ সমষ্টিৰ বিধায়কদ্বয়েও অংশগ্ৰহণ কৰে ।
আৰু পঢ়ক: বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যত বিক্ৰী যুৱতীক, আটক ওছমান আলী...