বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যত বিক্ৰী যুৱতীক, আটক ওছমান আলী...

দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ বালাটাৰী গাঁৱৰ এগৰাকী ২২ বছৰীয়া যুৱতীক প্ৰেমৰ ছলনাৰে অপহৰণ কৰি বিক্ৰী কৰে এজনে।
বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যত বিক্ৰী যুৱতীক, আটক ওছমান আলী...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ হাৰিয়ানাৰ পৰা উদ্ধাৰ অসমৰ যুৱতী। দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ বালাটাৰী গাঁৱৰ এগৰাকী ২২ বছৰীয়া যুৱতীক প্ৰেমৰ ছলনাৰে অপহৰণ কৰি বিক্ৰী কৰে এজনে। তাৰ পাছত মঙলবাৰে নিশা আৰক্ষীয়ে হাৰিয়ানাৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। লগতে আটক কৰে এজনক।

উল্লেখযোগ্য যে প্ৰায় ডেৰ মাহ পূৰ্বে বালাটাৰী গাঁৱৰ আলা উদ্দীনৰ ২২ বছৰীয়া কন্যা হঠাৎ ঘৰৰ পৰা নোখোজ হৈ পৰে। পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰৰ অনুসন্ধান কৰে যদিও যুৱতী গৰাকীৰ সন্ধান নোপোৱাত যোৱা ৩ জানুৱাৰী তাৰিখে ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি অৱশেষত সোমবাৰে নিশা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ওছমান আলীক কৰায়ত্ব কৰে। ওছমান আলীক ফকিৰগঞ্জ থানা এলেকাৰ ডিঙডিঙা দ্বিতীয় খণ্ড গাঁৱৰ মোকছেদ আলীৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ওছমান আলীক জেৰা চলোৱাত যুৱতী গৰাকীক বিয়াৰ প্ৰলোভন দি বিক্ৰী কৰা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে। ফলত আৰক্ষীয়ে অপহৰণকাৰী যুৱক জনক লৈ হাৰিয়ানাত অভিযান চলাই যুৱতী গৰাকীক যোৱা নিশা উদ্ধাৰ কৰে।

বৰ্তমানে ফকিৰগঞ্জ আৰক্ষীৰ দল যুৱতী গৰাকীক উদ্ধাৰ কৰি হাৰিয়ানাৰ পৰা দক্ষিণ শালমাৰালৈ ৰাওনা হৈছে। আজি মাজ নিশা আৰক্ষী ফকিৰগঞ্জ থানাত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে। কাইলৈ যুৱক জনক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতত হাজিৰ কৰা হ'ব বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে ওছমান আলী এইদৰে বিভিন্ন এলেকাত যুৱতী, কিশোৰী সকলক বিয়াৰ প্ৰলোভন দি অপহৰণ কৰি বহি ৰাজ্যত বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।

আৰু পঢ়ক: শ্ৰমিকৰ ওপৰত পৰিল লোৰ গেট, বঙাইগাঁৱত উত্তপ্ত পৰিস্থিতি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in