কেৱল চাকৰিমুখী নহৈ কৃষি অথবা ৰাজনীতিৰ ক্ষেত্ৰতো প্ৰতিষ্ঠিত হ’বলৈ কৃতি ছাত্ৰ ছাত্ৰীক আহ্বান মন্ত্ৰী হাজৰিকাৰ…

কেৱল চাকৰিমুখী নহৈ কৃষি অথবা ৰাজনীতিৰ ক্ষেত্ৰতো প্ৰতিষ্ঠিত হ’বলৈ কৃতি ছাত্ৰ ছাত্ৰীক আহ্বান মন্ত্ৰী হাজৰিকাৰ…

author-image
asomiyapratidin
New Update
কেৱল চাকৰিমুখী নহৈ কৃষি অথবা ৰাজনীতিৰ ক্ষেত্ৰতো প্ৰতিষ্ঠিত হ’বলৈ কৃতি ছাত্ৰ ছাত্ৰীক আহ্বান মন্ত্ৰী হাজৰিকাৰ…

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে অসম সচিবালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাই আয়োজন কৰা সন্থাৰ সদস্য পৰিয়ালৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বিধায়ক কৌশিক ৰায়ো উপস্থিত থকা অনুষ্ঠানটোত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই মন্ত্ৰী হাজৰিকাই তেঁওলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে |

Advertisment

অনুষ্ঠানটোত বক্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষও এনেদৰে কৃতি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনাবলৈ পাই তেঁও সুখী হৈছে | ছাত্ৰ ছাত্ৰীসকলক চাকৰিমুখী ন'হবলৈ আহ্বান জনাই মন্ত্ৰী হাজৰিকাই কয় যে ডাক্তৰ, ইঞ্জিনীয়াৰ অথবা চৰকাৰী বিষয়া হোৱাৰ সমান্তৰালভাৱে আমাৰ ভাল ছাত্ৰ ছাত্ৰীসকলে শিক্ষক, খেতিয়ক অথবা ৰাজনীতিবিদ হোৱাৰ বাবেও মন মেলিব লাগে | আনহাতে কেৱল চাকৰিতেই জীৱনটোক সীমাবদ্ধ কৰি নাৰাখি যি কোনো ক্ষেত্ৰতে সু-প্ৰতিস্থিত হ'বলৈ ছাত্ৰ ছাত্ৰীসকলক মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় | ভৱিষ্যতে সমাজত সু প্ৰতিস্থিত হ'বৰ বাবে অনাগত সময়ত প্ৰয়োজন হোৱা সকলো গুণ আয়ত্ব কৰি লবলৈও মন্ত্ৰীগৰাকীয়ে কৃতি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় |

আনহাতে জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছত নিজৰ গাঁও অথবা অঞ্চলটোক কোনোপধ্যেই পাহৰি নগৈ এগৰাকী দায়িত্বশীল নাগৰিক হ'বলৈ সকলোকে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় | সমাজত ভাল ল'ৰা ছোৱালীবোৰে ৰাজনীতিৰ ক্ষেত্ৰখনতো আগবাঢ়ি গৈ কাম কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে দেশখন ৰাজনীতিবিদ সকলে চলাই থাকে, সেয়ে একোজন ভাল ৰাজনীতিবিদ হোৱাৰ বাবেও কৃতি ছাত্ৰ ছাত্ৰীসকল প্ৰয়াস কৰা উচিত |

জনতা ভৱনৰ জলসম্পদ মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত আজিৰ অনুষ্ঠানটোত মন্ত্ৰী নন্দিতা গাৰ্লোচাইও কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে | অসম সচিবালয় চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্থাৰ সভাপতি ৰৌচন আলিয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত সন্থাৰ তৰফৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলেৰে উত্তীৰ্ণ হোৱা ২২ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক একোখন মানপত্ৰ, গামোচা, অভিধান আৰু নগদ ধনেৰে সম্বৰ্ধণা জনোৱা হয় |

আৰু পঢ়ক: ডিজিটেল দুনীয়া কিমান ধুনীয়া…

assam pijus hazarika