শেহতীয়া খবৰ
চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...

ডিজিটেল দুনীয়া কিমান ধুনীয়া…

মৃদুল কুমাৰ সন্দিকৈ

হঠাৎ চৰ্চালৈ আহিছিল ৰাণু মণ্ডল। এটা মাথোঁ গান। ষ্টেচনৰ সন্মুখত ঘূৰি ফুৰা মানুহজনী ৰাতিটোৰ ভিতৰতে নায়িকা হৈ পৰিছিল। সেই সুমধুৰ কণ্ঠৰে ছানি ধৰিছিল বলিউডো। ‘এক প্যাৰ নাগমা হ্যে’ৰ পৰা হিমেশ ৰেচমীয়াৰ সৈতে গোৱা ‘তেৰী মেৰী কাহানী’লৈকে কিমান যে চৰ্চা।

‘বাদাম বাদাম দাদা কাচা বাদাম’। বাদাম বিক্ৰী কৰিবলৈ গৈ ভুৱন বৈদ্যকাৰে চিঞৰিছিল । সেইটোৱেই ভাইৰেল হৈ পৰিল। মানুহৰ মুখে মুখে ‘বাদাম বাদাম কাচা বাদাম’। লাহে লাহে সেই গানো তল পৰিল। ভুৱন বৈদ্য়কাৰ এক প্ৰকাৰ পাহৰণিৰ গৰ্ভত হেৰাই গ’ল।

এটা সৰু ল’ৰা। ‘বচপন কা প্যাৰ’ গাই বিখ্যাত হৈছিল। তেনেকৈয়ে এজনী শ্ৰীলংকাৰ ছোৱালীয়ে গাইছিল ‘মানিকে মাংগে হিতে’ । কিমান মানুহৰ মুখে মুখে এই গীত। কোনোবা ৰিয়েলিটি শ্ব’ত বলিউডৰ নায়ক ছলমান খানকো সেই ছোৱালী জনীয়ে শিকাইছিল এই গীত।

হঠাৎ এনেকৈয়ে জনপ্ৰিয় হৈ পৰিছিল আল্লু অৰ্জুনৰ চিনেমা ‘পুস্পা’ৰ ‘ঝুকেগা নেহ্যি’। এই ডায়লগ সহ ছবিখনৰ এটা গীতৰ অংশ আৰু তাৰ ভংগীমাৰে কোটি কোটি মানুহে ৰীল বনালে। এতিয়া কোন ক’ত কেতিয়া বিখ্যাত সুখ্যাত হয় একো ধৰিব নোৱাৰি।

অসমতো এনে বহু ঘটনা আছে। ছ’চিয়েল মিডিয়াত কিবা এটা কথা চৰ্চা, কিবা এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে কিছু দিনৰ বাবে এই বিষয়টোক লৈ ব্যাপক আলোচনা চলে। কিন্তু সেই বিষয়বোৰৰ বেছিভাগৰে স্থায়ীত্ব নাথাকে যেনেকৈ কোটি কোটি মানুহৰ হৃদয় জয় কৰা ৰাণু মণ্ডলৰ খবৰ এতিয়া কোনোবাই ৰখোৱাৰ প্ৰয়োজনবোধ নকৰে।

ডিম্পু বৰুৱা নামৰ অসমৰ ইউটিউবাৰ গৰাকী এতিয়া জনপ্ৰিয়ৰ শীৰ্ষত। সৰু সৰু কথাবোৰে তেওঁ সুন্দৰকৈ উপস্থাপন কৰে। আনতকৈ ডিম্পু বৰুৱাই নিজক পৃথক ৰূপত প্ৰতিষ্ঠা কৰিব পৰাৰ বাবে তেওঁ এতিয়া বিশ্বজুৰি এক পৰিচয় গঢ় লৈ উঠিছে।

দেশে-বিদেশে ডিম্পু বৰুৱাই মৰম বুটলি বিভিন্ন ভিডিঅ প্ৰস্তুত কৰে। সেই ভিডিঅ’ লাখ লাখ মানুহে চাই আমোদ পায়। ডিম্পু বৰুৱাইও নিজক এনে এক ধাৰাৰে আগুৱাই নিছে সৰু সৰু লৰা ছোৱালীবোৰে ডিম্পু বৰুৱাৰ দৰে ‘হেল্ল দেস্তো’ কৈ এই গৰাকী ইউটিউবাৰক অনুসৰণ কৰে।

এতিয়া ডিম্পু বৰুৱাৰ দিন। কিন্তু ডিম্পু বৰুৱাই এটা সাক্ষাতকাৰত এই কথা কৈছিল যে এইবোৰৰ স্থায়ীত্ব বৰ ক্ষণস্থায়ী। এতিয়া ভাল লাগি থকা বা তেওঁক অনুসৰণ কৰা মানুহবোৰে এদিন তেওঁৰ ভিডিঅ’ বেয়া লাগিলে নাচাবও পাৰে।

ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিছে। সেই পৰিৱৰ্তন ভাল বেয়া সকলো দিশতে হৈছে। কিন্তু আটাইতকৈ চিন্তনীয় কথাতো হ’ল এই নতুন ডিজিটেল পৃথিৱীখনে মানুহৰ বহুবোৰ দিশ খুব কম সময়ৰ বাবে সলাই পেলাইছে।

আমি এই ডিজিটেল পৃথিৱীখনত বা সামাজিক মাধ্যমৰ জৰিয়তে বহুবোৰ ভাল কাম কৰিব পাৰো। একেদৰে বহুতৰ জীৱনত সামাজিক মাধ্যম আশীৰ্বাদ নহৈ অভিশাপ হৈ পৰিছে। ইয়াত কাৰো নিয়ন্ত্ৰণ নাথাকে। কোনবোৰ কথা কোনে কি প্ৰসংগত এই মাধ্যমৰ জৰিয়তে প্ৰচাৰ প্ৰসাৰ কৰিছে তাৰ অভিপ্ৰায় বহুলোকে বুজি নাপায়।

ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং এক ভয়াবহ শব্দ। অসমৰে এনে কিছু পৰিচিত লোক আছে যি সকলে ভাল কাম এটা কৰিলেও তেওঁলোকে পূৰ্বতে কৰা কিছু কাৰ্যকালাপৰ বাবে সামাজিক মাধ্য়মক ট্ৰ’লৰ সন্মুখীন হ’বলগীয়া হয়। সামাজিক মাধ্যমত স্বাধীনতা আছে। কিন্তু সেই স্বাধীনতা আমি কিমান খিনিলৈকে লম তাক নিয়ন্ত্ৰণ কৰিব লাগিব নিজেই।

ট্ৰ’ল, ট্ৰেণ্ড এইবোৰ শব্দই কিছু সময়ৰ বাবে হলেও মানুহৰ মনলৈ এনে কিছু ধাৰণাৰ সৃষ্টি কৰে যিবোৰৰ স্থায়ীত্ব আৰু গভীৰতা একেবাৰেই নাথাকে। ভাল কথা সামাজক মাধ্যমৰ জৰিয়তে চৰ্চা হয়। জনমত গঢ়ি উঠে। কিন্তু ভালৰ তুলনাত এনে কিছু বেয়া কাম হৈ থাকে যিবোৰে আমাৰ নতুন প্ৰজন্মক অস্তিত্বহীন এখন পৃথিৱীৰ বাসিন্দা কৰিবলৈ গৈ আছে।

এই ডিজিটেল যুগৰ অৱসান কেতিয়া ঘটিব কোনোৱে নাজানে। কিন্তু মানুহৰ সম্পৰ্ক, মানুহৰ সাধনা আৰু মানুহৰ বিশ্বাসৰ জৰিয়তে গঢ়ি উঠা পুৰণি পৃথিৱীখনৰ তুলনাত ইয়াত প্ৰতিষ্ঠা লাভৰ এক সহজ পথ আছে। সেই পথ কোনো কেতিয়া পাই তাৰ অৱশ্যে নিশ্চিয়তা নাই।

এই অনিশ্চিত কথা-বতৰা বোৰৰ মাজত পুৰণি বলিউডৰ নায়ক, নায়িকা, ক্ষমতাশালী লোকসকলৰ মুহুৰ্তৰ ভিতৰতে থান বান কৰি দিব পৰা ক্ষমতা সামাজিক মাধ্যমৰ আছে। জটিলভাৱে বিচাৰ নকৰিলেও কল্পনা কৰি চাওকচোন আজিৰ এই সময় আৰু পুৰণি সেই সময়বোৰৰ কথা।

এটা সময়ত মানুহৰ মাজত প্ৰতিযোগীতা হৈছিল। সেই প্ৰতিযোগীতা হৈছিল কষ্ট আৰু সাধনাৰে বিভিন্ন ক্ষেত্ৰত কিবা এটা কৰাৰ তাড়না বা হেঁপাহৰ জৰিয়তে। ইয়াৰ কিছু ফল আছিল। কিবা এটা ওলাইছিল। সেই প্ৰাপ্তি স্থায়ী হৈ ৰৈ গৈছিল। পিছৰ প্ৰজন্মই ইয়াক আধাৰ কৰি লৈছিল। কিন্তু এতিয়া তেনে আধাৰ বা প্ৰাপ্তিৰ বাবে চলা প্ৰতিযোগীতাৰ নামত আমি মোবাইলৰ কিবোৰ্ড টিপি দিনটোৰ বেছিভাগ সময় সামাজিক মাধ্যমত থাকি নিজক ব্যস্ত ৰাখো।

ইয়াৰ ফল কি হব।আমি নিচাগ্ৰস্ত হৈ পৰিছো সামাজিক মাধ্যমত। সামাজিক মাধ্যমে আমাক নিয়ন্ত্ৰণ কৰিব ধৰিছে।মানুহৰ বাবে এই পৰিৱৰ্তন হয়তো এদিন সুখকৰ নহব। আমি এতিয়া এনে এক বাটেৰে আগুৱাই গৈছো নেকি য’ত সন্মুখত দেখি আছো সকলো আছে কিন্তু বাস্তৱত একো নাই।

আৰু পঢ়ক: বিশিষ্ট লেখক, বুদ্ধিজীৱি ড০ প্ৰফুল্ল মহন্ত গুৰুতৰভাৱে অসুস্থ…