বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত উত্তৰ-পূৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে: মন্ত্ৰী পীযুষ হাজৰীকা

বৃহস্পতিবাৰৰ পৰা মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত হোৱা "1st All India Annual State Ministers' Conference on Water" শীৰ্ষক সন্মিলনত মন্ত্ৰী পীযুষ হাজৰীকাই অংশ গ্ৰহণ কৰে।
বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত উত্তৰ-পূৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে: মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰৰ পৰা মধ্য প্ৰদেশৰ ভূপালত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনত Water Vision @2047 বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হোৱা "1st All India Annual State Ministers' Conference on Water" শীৰ্ষক সন্মিলনত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অংশ গ্ৰহণ কৰে। আজি এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসমত বান আৰু খহনীয়া নিয়ন্ত্ৰণ বিষয়ক বক্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ।

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু দেশৰ বহুকেইখন ৰাজ্যৰ জলসম্পদ, জনস্বাস্থ্য কাৰীকৰি, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী উপস্থিত থকা সন্মিলনখনত অসম চৰকাৰৰ হৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ গ্ৰহণ কৰে।

সন্মিলনখনৰ আজিৰ এটা সত্ৰত অসমত বান নিয়ন্ত্ৰণ আৰু খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাৱলীৰ বিষয়ে উপস্থাপন ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে প্ৰতি বছৰে বানত আক্ৰান্ত অসমত ৰাজ্য চৰকাৰে নতুন প্ৰযুক্তিৰ সহায়ত বান নিয়ন্ত্ৰণৰ প্ৰয়াস কৰি আহিছে ।

এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগত কেন্দ্ৰ চৰকাৰে একপ্ৰকাৰে বৈষম্যমূলক মনোভাৱেৰে অসমক বান নিয়ন্ত্ৰণৰ প্ৰয়োজনীয় পুঁজিৰ পৰা বঞ্চিত কৰি ৰাখিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহীত কৰা 'অষ্টলক্ষ্মী'ৰ উন্নয়নৰ বাবে বিগত প্ৰায় আঠ বছৰে বহুখিনি কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াস আৰু কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ সদিচ্ছাৰ বাবে অসমে দীৰ্ঘ বিৰতিৰ অন্তত বান নিয়ন্ত্ৰণৰ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে অসমে ভাৰতৰ বাকী উন্নত ৰাজ্যবোৰৰ সমানে সমানে আগবাঢ়ি যাবলৈ ৰাজ্যখনৰ জ্বলন্ত সমস্যা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে আৰু অধিক সহায় কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে উপস্থিত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীক আহ্বান জনায় ।

মন্ত্ৰীগৰাকীৰ আজিৰ এই উপস্থাপনৰ সময়তে তেওঁ বান নিয়ন্ত্ৰণৰ বাবে অসমত জিঅ' টেক্সটাইলৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা আৰু পৰীক্ষামূলকভাৱে কৰা নদী খনন আদিৰ কথা বিশেষভাৱে উল্লেখ কৰে ।

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ অধীনত, কেন্দ্ৰীয় জল মিচ্যনৰ উদ্যোগত ভূপালত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সন্মীলনখনৰ আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, কেন্দ্ৰ চৰকাৰৰ ৰাজ্যিক জলশক্তি মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, উচ্চ পদস্থ বিষয়া আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰী সকল উপস্থিত থাকে ।

আৰু পঢ়ক: পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ মহিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in