পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ মহিলা...

নগাঁৱৰ এগৰাকী মহিলা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পাকিস্তানৰ কাৰাগাৰত বন্দী মহিলাগৰাকীৰ নাম হৈছে ৱাহিদা বেগম ৷
পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ মহিলা...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ এগৰাকী মহিলা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পাকিস্তানৰ কাৰাগাৰত বন্দী মহিলাগৰাকীৰ নাম হৈছে ৱাহিদা বেগম ৷ জানিব পৰা মতে ৱাহিদা বেগম পাকিস্তানৰ কুৱেটাৰ জেলত বন্দী হৈ আছে ৷

ৱাহিদা নগাঁৱৰ ডিমৰুগুৰিৰ নৰ্ত্তম বালিভুই পানীগাঁৱৰ বাসিন্দা ৷ মহিলাগৰাকীৰ এটি দহ বছৰীয়া পুত্ৰ সন্তানো আছে ৷ ১০ নবেম্বৰৰ পৰা মহিলাগৰাকী সন্ধানহীন হৈ আছিল ৷ জানিব পৰা মতে নগাঁৱৰ পৰা পাকিস্তানলৈ ৱাহিদা কিয় গৈছিল সেই বিষয়ে জানিব পৰা নাই ৷ পাকিস্তানত প্ৰৱেশ কৰিব বিছৰা সময়ত পাকিস্তান সেনাই বৈধ্য নথি নথকাৰ বাবে ৱাহিদাক গ্ৰেপ্তাৰ কৰে আৰু ২৬ নবেম্বৰত কুৱেটাৰ জেললৈ নিক্ষেপ কৰে ৷

অভিযোগ মতে মহিলাগৰাকীৰ হাতত ১.৬০ কোটি টকা আছিল ৷ নগাঁৱৰ বৰবজাৰৰ স্বামীৰ এক সম্পত্তি বিক্ৰী কৰি এই বৃহৎ পৰিমানৰ ধন লাভ কৰিছিল মহিলাগৰাকীয়ে ৷ চাৰিবছৰ পূৰ্বে ৱাহিদাৰ স্বামী মোহম্মদ মহছিন খানৰ মৃত্যু হৈছিল ৷

স্বামীৰ মৃত্যুৰ পিছত ৱাহিদা বেগম পুনৰ বিবাহ পাশত আবদ্ধ হৈছিল ৷ পুনৰ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত সন্দেহ কৰা মতে মহিলাগৰাকীয়ে বৃহৎ পৰিমানৰ ধন সহ পাকিস্তানলৈ পলায়নৰ চেষ্টা কৰিছিল ৷ ইফালে নগাঁৱৰ ডিমৰুগুৰিৰ বাসগৃহত ৱাহিদাৰ মাতৃগৃহত তলা লাগি থকা বুলিও জানিব পৰা গৈছে ৷ ৱাহিদাৰ মাতৃ গৃহই ৩০ নবেম্বৰত ৱাহিদা পাকিস্তানত গ্ৰেপ্তাৰ হোৱা ঘটনাটো অৱগত হৈছিল ৷

আৰু পঢ়ক: বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণ, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in