কংগ্ৰেছ-এআইইউডিএফৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেইঃ মন্ত্ৰী পীযুষ হাজৰীকা

কংগ্ৰেছ-এআইইউডিএফৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেই। কেতিয়াবা নিৰ্বাচনী মিত্ৰতা নকৰাকৈয়ে তেওঁলোকৰ মাজত মিল থাকে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ-এআইইউডিএফৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেইঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ কংগ্ৰেছ-এআইইউডিএফৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেই। কেতিয়াবা নিৰ্বাচনী মিত্ৰতা নকৰাকৈয়ে তেওঁলোকৰ মাজত মিল থাকে। বিগত লোকসভা নিৰ্বাচনত নগাঁও, কলিয়াবৰ, বৰপেটা সমষ্টিত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। ঠিক তেনেদৰে ধুবুৰীত দুৰ্বল প্ৰাৰ্থী ঠিক কৰাইছিল কংগ্ৰেছে- এই মন্তব্য মন্ত্ৰী পিযুষ হাজৰীকাৰ।

Advertisment

দল দুটাক কটাক্ষ কৰি হাজৰীকাই লগতে কয় যে কংগ্ৰেছ-এআইইউডিএফে কেতিয়াবা মিত্ৰতা নকৰাকৈ এনেদৰে মিলি থাকে। যিমানেই ইটোৱে-সিটোক গালি পাৰক বা নাপাৰক কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা অসমৰ ৰাইজে জানে। যদি তেওঁলোকৰ মাজত মিত্ৰতা নাই সংসদত বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সপক্ষে কিয় ভোটদান কৰিছিল বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক লোকসভা নিৰ্বাচনত ১১খন আসনত জয়ী হোৱাৰ কথা পুনৰ দোহাৰে মন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছৰ বাগানে বাগানে কাৰ্যসূচী ফ্লপ হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। শেহতীয়াকৈ চৰ্চাত থকা কংগ্ৰেছ সভাপতি ভূপেন বৰাই বাগানত চাইকেল চলোৱা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এগৰাকী দলৰ সভাপতি অকলে এনেদৰে চাইকেল চলাই থকাটো ভাল কথা নহয়।

আনহাতে বিধায়ক অখিল গগৈয়ে এগৰাকী সক্ৰিয় মন্ত্ৰী সম্বোধন কৰাত কোনো ফূৰ্তি কৰিব লগাও নাই, উক্ত প্ৰসংগত বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি মোৰ দোষ কৰিব লগাও নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এনে সিদ্ধান্ত পৰবৰ্তী সময়ত কেতিয়াবা ৰাইজে ল'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি দায়িত্ব দিছে তাক সুচাৰূপে পালন কৰাতোহে মোৰ কৰ্তব্য, সক্ৰিয় হয় নে নহয় সেই বিষয়টো ৰাইজে বিচাৰ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিয়ে ভয় খাইছে বুলি কংগ্ৰেছে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, ভয় খোৱা বিলাকে জয়ী হয় নে ভয় নোখোৱা বিলাক জয়ী হয় নিৰ্বাচনৰ সময়ত সকলো পৰিস্ফুত হ'ব।

Also Read: চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড, কোটি টকাৰ সম্পত্তি ভস্মীভূত

pijus hazarika