চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড, কোটি টকাৰ সম্পত্তি ভস্মীভূত

চিলাপথাৰ মাদুৰিপথাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সম্পত্তি ভস্মীভূত হয়।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ড, কোটি টকাৰ সম্পত্তি ভস্মীভূত

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ মাদুৰিপথাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ সম্পত্তি ভস্মীভূত হয়।

Advertisment

দেওবাৰে বিয়লি চিলাপথাৰৰ মাদুৰিপথাৰ বজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ঘটনাত গোপাল চাহু নামৰ ব্যৱসায়ী জনৰ ৰাইচ মিল,গোদাম ঘৰৰ লগতে বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয় ৷

সোণ-ৰূপৰ গহনা,কাপোৰৰ পৰা স্কুলীয়া শিশুৰ কিতাপ-পত্ৰ পৰ্যন্ত পুৰি ছাই হয় এই অগ্নিকাণ্ডৰ ফলত।

চিলাপথাৰ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে ৰাইজৰ সহযোগত জুই নিৰ্বাপনৰ বহু চেষ্টা চলাই যদিও সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। অগ্নিকাণ্ডৰ ঘটনাত কোটি টকাৰ সা-সম্পত্তি জাহ যোৱা বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

Also Read: মন্দিৰ দৰ্শনৰ পাছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ক'লে 'গৰ্বিত হিন্দু' হোৱাৰ অৰ্থ