আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে বনভোজকাৰী দলক

আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে বনভোজকাৰী দলক

author-image
Asomiya Pratidin
New Update
আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে বনভোজকাৰী দলক

ডিজিটেল ডেস্কঃ বনভোজ যাত্ৰী দলৰ ওপৰত SOP জাৰি কৰাৰ পাছতেই তৎপৰ কলিয়াবৰ আৰক্ষী। আৰক্ষীয়ে খেদি খেদি জব্দ কৰিলে নিয়ম উলংঘা কৰা বনভোজ দলৰ বাহন।

Advertisment

মালবাহী এখন বাহনত ১৬ জনকৈ যুৱক আহিছিল কাজিৰঙাত বনভোজ খাবলৈ বুলি। উচ্চ স্বৰত গান বজাই বাহনৰ খনৰ পিছফালে নৃত্য কৰি আহিছিল বনভোজ দলটোৱে। কলিয়াবৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি জব্দ কৰে বাহন খন।

লগতে থানালৈ লৈ আনে বনভোজযাত্ৰীৰ দলটোক। দেৰগাঁৱৰ দুৰ্ঘটনাৰ দৰে যাতে কোনো ঘটনা পুনৰ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে কঠোৰ হৈছে কলিয়াবৰ আৰক্ষী।

Also Read: ধুবুৰীত ১৪৪ ধাৰা জাৰি, যান-বাহনৰ ক্ষেত্ৰত বিশেষ নিশেধাজ্ঞা

Assam police