/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f88e3a17-ba91-4299-b111-f1db2c231fe4/shivsagar_30.jpg)
ধুবুৰীত ১৪৪ ধাৰা জাৰি
ডিজিটেল সংবাদ, ধুবুৰীঃ যোৱা কেই সপ্তাহ মানৰ পৰা ৰাজ্যখনত পথ দুৰ্ঘটনা ফলত মৃত্যুৰ সংখ্যা যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। বৰ্তমান ঘন-কুঁৱলীৰ বতৰত যি কোনো ধৰণৰ যান-বাহন পথ দুৰ্ঘটনা হোৱাৰ আশঙ্কাত তথা ৰাইজৰ জীৱন আৰু নিৰাপত্তা প্ৰদানৰ বাবে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশৰ এক আদেশ মৰ্মে সমগ্ৰ ধুবুৰী জিলাৰ লগতে বিলাসীপাৰা মহকুমাতো প্ৰযোজ্য হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।
নিষেধাজ্ঞা মতে ৰাষ্ট্ৰীয় ঘাই পথত ই- ৰিক্সা সমূহ সন্ধিয়া ৫-০০ বজাৰ পৰা পুৱা ৮-০০ বজালৈ সম্পূৰ্ণৰূপে চলাচল নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাই পথত আৰু ৰাজ্যিক পথত ডাম্পাৰ / ট্ৰেক্টৰ ৰ সন্ধিয়া ৫-০০ বজাৰ পৰা পুৱা ৭-০০ বজালৈ সম্পূৰ্ণৰূপে চলাচল নিষিদ্ধ কৰা হৈছে ।
যি কোনো ধৰণৰ যান-বাহন ৰাষ্ট্ৰীয় ঘাই পথত আৰু ৰাজ্যিক পথৰ কাষত থকা ধাবা / হোটেল / ৰিজৰ্ৰট সন্মূখত পাৰ্কিং কৰাটো সম্পূৰ্ণৰুপে নিষিদ্ধ কৰা হৈছে ।উক্ত আদেশ পৰবৰ্ত্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব বুলি বিলাসীপাৰা মহকুমা প্ৰশাসনে এক বিবৃতিত কয়।
Also Read: অশ্লীল ফটো, ব্লেকমেইল পাছত মৃতদেহ উদ্ধাৰ, কোনে হত্যা কৰিলে দিব্যাক