ৰঙিয়াত শাৰীৰিক অক্ষমতা মূল্যায়ণ শিবিৰ সম্পন্ন

ৰঙিয়াত শাৰীৰিক অক্ষমতা মূল্যায়ণ শিবিৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত শাৰীৰিক অক্ষমতা মূল্যায়ণ শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত শুকুৰবাৰে জিলা প্ৰাৰম্ভিক চিকিৎসা ব্যৱস্থাপনা কেন্দ্ৰ ,কামৰূপৰ উদ্যোগত শাৰীৰিক অক্ষমতা মূল্যায়ণ শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ সহযোগত আয়োজন কৰা কাৰ্যসূচীৰ ফিটা কাটি উদ্বোধন কৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ এছ ডি এম ডাঃ পদ্মেশ্বৰ কলিতাই ।

ইয়াৰ পূৰ্বে উদ্বোধক ডাঃ কলিতাক আৰনাইৰে সম্বৰ্দ্ধনা জনাই অভিজিৎ ভড়ালীয়ে । ৰঙিয়াৰ ভিন্ন প্ৰান্তৰ পৰা ৪৮ গৰাকী হিতাধিকাৰীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাক-কাণ-ডিঙি ,চকু ,মানসিক আৰু শ্ৰৱণশক্তিৰ পৰীক্ষণ সম্পন্ন কৰে ।

আনহাতে ডাঃ নিবিৰ বৰুৱা ,ডাঃ হৃষিকেশ শৰ্মা, ডাঃ পি কলিতা প্ৰমুখ্যে চিকিৎসকবৃন্দৰ লগতে স্বাস্থ্য কৰ্মী অমূল্য বৈশ্য উপস্থিত থাকি কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰে ।

Also Read: আৰক্ষীৰ জালত কুকী উগ্ৰপন্থীৰ সদস্য : আপত্তিজনক সামগ্ৰীসহ নগদ ধন জব্দ

rangia