আৰক্ষীক নাকী লগাব কোনে? থানাৰ ভিতৰত সুৰাৰ আড্ডা বিষয়াৰ...

যিসময়ত সমগ্ৰ ফিল’বাৰী অঞ্চলতে ড্ৰাগছ, চুলাই, কানি ইত্যাদি অবাধ প্ৰচলনৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ঠিক তেনে সময়তে ফিল’বাৰী থানাৰ দায়িত্বপ্ৰাপ্ত এগৰাকী আৰক্ষী বিষয়াৰ এখন ফটোক লৈ তীব্ৰ চৰ্চা হৈছে

author-image
Asomiya Pratidin
New Update
আৰক্ষীক নাকী লগাব কোনে? থানাৰ ভিতৰত সুৰাৰ আড্ডা বিষয়াৰ...

প্ৰতিদিন সেৱা, ফিল’বাৰীঃ যিসময়ত সমগ্ৰ ফিল’বাৰী অঞ্চলতে ড্ৰাগছ, চুলাই, কানি ইত্যাদি অবাধ প্ৰচলনৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ঠিক তেনে সময়তে ফিল’বাৰী থানাৰ দায়িত্বপ্ৰাপ্ত এগৰাকী আৰক্ষী বিষয়াৰ এখন ফটোক লৈ তীব্ৰ চৰ্চা হৈছে ৷ শেহতীয়াকৈ থানাখনৰ এগৰাকী বিষয়াক খাকী পোছাকত সুৰাৰ আড্ডা দি থকাৰ আপত্তিজনক আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে ৷

Advertisment

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ছবিত ফিল’বাৰী থানাৰ উপ-পৰিদৰ্শক ত্ৰৈলোক্য গগৈয়ে আন এগৰাকী সতীৰ্থ আৰক্ষী নিত্যা বুঢ়াগোহাঁঞিৰ সৈতে একেলগে থানাৰ চৌহদতে বিলাতী সুৰাৰ আড্ডাত মছগুল হৈ থকা দৃশ্যক মুঠেই সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে ৷

এগৰাকী দায়িত্বশীল বিষয়াই খাকী পোছাকত তথা কৰ্তব্যৰত অৱস্থাত কেনেদৰে থানাৰ চৌহদতে সুৰা সেৱন কৰিবলৈ সাহস কৰিলে সেয়া নিশ্চিতভাৱে চিন্তনীয় বিষয় হৈ পৰিছে ৷

অভিযোগ অনুসৰি থানাখনলৈ এটা বিশেষ কামৰ বাবে অহা কেইগৰাকীমান লোকৰ সৈতে একেলগে বহি এনেদৰে হাতত সুৰা তুলি লৈছিল আৰক্ষী বিষয়া গৰাকীয়ে ৷ কৰ্তব্যৰত অৱস্থাত সুৰা সেৱনৰ দৃশ্য ভাইৰেল হৈ পৰা এইগৰাকী আৰক্ষী বিষয়া তথা সতীৰ্থ কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীৰ উৰ্ধতম মহলে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ৷

Also Read: জাগীৰোড মহাবিদ্যালয়ত প্ৰাক ৰঙালী বিহু পালন...

ফিল’বাৰী আৰক্ষী