প্ৰচণ্ড গৰমৰ পৰা কিঞ্চিত পৰিত্ৰাণ দিয়াৰ প্ৰয়াস সমাজহিতৈষী সংস্থা WARIORSৰ

প্ৰচণ্ড গৰমৰ পৰা কিঞ্চিত পৰিত্ৰাণ দিয়াৰ প্ৰয়াস সমাজহিতৈষী সংস্থা WARIORSৰ
Published on
Updated on

ডিজিটেল সংবাদ,কামৰূপ : ৰবিবাৰে WARIORS ৰাজ্যিক সমিতিৰ উদ্যোগত 'গৰমত WARIORS ৰাইজৰ কাষত' শীৰ্ষক পদক্ষেপ হাতত লোৱা হয়। এই পদক্ষেপৰ জৰিয়তে সদৌ অসম ভিত্তিত সংস্থাটোৱে যি চৰবত বিতৰণ কাৰ্য্যসূচী হাতত লোৱা হৈছে সেই কাৰ্য্যসূচী অনুসৰি কামৰূপ জিলাৰ সৌজন্যত মিৰ্জাৰ ৰাণী- চাপৰি মা মনসা মন্দিৰ প্ৰাংগণত প্ৰায় ৮০০ ভক্তক বিনামূলীয়া নেমু চৰবত বিতৰণ কৰে ।

উক্ত অনুষ্ঠানটো সাফল্য মণ্ডিত কৰিবলৈ কামৰূপ জিলাৰ ৰিজুমণি কোঁৱৰে এবস্তা নেমু বৰঙণি আগবঢ়াই আৰু বিদ্যানগৰৰ সমাজসেৱক সুদেব দাসেও এবস্তা নেমু বৰঙণি হিচাপে আগবঢ়ায় বুলি জনায়। উপাধ্যক্ষ পম্পী দাসে চেনী আৰু নিমখৰ যোগান ধৰে।

বাকী সদস্যসকলে বিশুদ্ধ পানীৰ লগতে গিলাছ, বাচন-বৰ্তনৰ লগতে আন আন লাগতিয়াল বস্তুৰ যোগান ধৰে। আজিৰ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যিক বিত্তীয় উপদেষ্টা সোনমনি বায়ন, কামৰূপ জিলাৰ সভাপতি বলোৰাম পাল, সম্পাদক জেহিৰুল ইছলাম, বিত্ত সম্পাদিকা জাহ্নৱী দেৱী , জনসংযোগ সম্পাদিকা ধনোদা দাস, সক্ৰিয় সদস্য দুলুমনী কলিতা , মৃদুল দাস, মনোজ আগৰৱাল ,বৰ্ণালী দাস, কৃষ্ণ দাস।

চৰবত বিতৰণ কাৰ্য্যসূচীৰ লগতে এখন সম্বৰ্ধনা অনুষ্ঠান ও অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত ৰাজ্যিক উপদেষ্টা সোনমনি বায়ন আৰু মা মনসা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকক সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানত মন্দিৰ পৰিচালনা সমিতিৰ সভাপতিয়ে WARIORS ৰ এই পদক্ষেপে উৎকটগৰমৰ পৰা মানুহক ভালেখিনি সকাহ দিব বুলি কৈ সংস্থাটোৰ সতীৰ্থসকলক সঁহাৰি জনায়। অনাগত দিনতো ৰাইজৰ হকে কিবা কাম কৰিব বিচাৰিলে উক্ত মন্দিৰ প্ৰাংগনত নি : সন্দেহে অনুমতি আৰু সহযোগিতা জনাম বুলি কথা দিয়ে। WARIORSৰ দৰে সমাজহিতৈষী সংস্থা এটাৰ খুবেই প্ৰয়োজন বুলি মন্তব্য আগবঢ়ায়।

প্ৰচণ্ড গৰমৰ পৰা কিঞ্চিত পৰিত্ৰাণ দিয়াৰ প্ৰয়াস সমাজহিতৈষী সংস্থা WARIORSৰ
কোচ ৰাজবংশী লোকনৃত্যৰ লহৰত মুখৰিত শিমলুগুৰি কাহচৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in