/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/9dbfa229-6310-43d7-929a-fa9093531ea2/163.jpg)
ডিজিটেল সংবাদ, ধেমাজি : কোচ ৰাজবংশী উন্নয়ন পৰিষদ ,কোচ ৰাজবংশী কালচাৰেল চছাইটিৰ উদ্যোগত তথা ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনী আৰু জীয়াঢল আঞ্চলিক সমিতিৰ সহযোগত কোচ ৰাজবংশী লোক নৃত্য গীত আৰু বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে সামৰণি পৰে। অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ২ং শান্তিপুৰ বৰ্মন গাঁৱৰ শিমলুগুৰি কাহচৰা প্ৰাথমিক বিদ্যালয়ত ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছিল এই শিবিৰ।
এই উপলক্ষে বিয়লি ৩-০০ বজাত ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ফণীন্দ্ৰনাথ দত্তৰ সভাপতিত্বত এখনি সামৰণি সভা অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনী সাধাৰণ সম্পাদক প্ৰণৱ দত্তই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰতিযোগী,প্ৰশিক্ষক ,অতিথিৰ সৈতে সকলোকে ধন্যবাদ জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/3b05bf49-7dbf-4960-8017-0e81d58a3e28/e259e9f5-3091-435b-be5a-dc7a59240c84.jpg)
বক্তব্যত সম্পাদক দত্তই কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু কোচ ৰাজবংশী কালচাৰেল চছাইটিয়ে ইতিমধ্যে বিশেষকৈ উজনি অসমত হেৰাই যাব খোজা কোচ ৰাজবংশী সকলৰ সাংস্কৃতিক লোক নৃত্য ,গীত আৰু বাদ্যযন্ত্ৰৰ পুনৰ উদ্ধাৰৰ পদক্ষেপক আমি সকলোৱে আদৰণি জনাইছোঁ বুলি উল্লেখ কৰে। লগতে উজনি অসমৰ কোচ ৰাজবংশী ৰাইজক এই কাৰ্য্যসূচীয়ে উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷
ইতিমধ্যে অসমৰ ২০খন জিলাত চলি থকা এনেধৰণৰ কাৰ্য্যসূচী পিছতেই পৰবৰ্তী সদৌ অসম ভিত্তিত এখনি সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজনৰ যো-জা চলি আছে বুলিও তেওঁ জনায় ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক হৰজিৎ ৰায় চৌধুৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/a4ec85d1-aa39-4ba9-a3e4-304bec9b8038/e26df6a6-00ea-473d-a22e-6b1801ad3cfe.jpg)
চৌধুৰীয়ে বক্তব্যত কোচ ৰাজবংশী লোকসকলে নিজৰ হেৰাই যাব খোজা জাতিটোৰ ভাষা-সংস্কৃতিৰ জীয়াই ৰাখিই লাগিব বুলি উল্লেখ কৰে। লগতে সকলোকে চৰ্চা কৰিবলৈ আহ্বান জনায় ৷
প্ৰসংগক্ৰমে ৰাজ্যিক কাৰ্য্যনিৰ্বাহকগৰাকীয়ে কোচ ৰাজবংশীৰ সাংস্কৃতিক লোক নৃত্য ,গীত মাত সমূহ অসমৰ কোনো এটা অনাতাঁৰ কেন্দ্ৰতেই পৰিৱেশন কৰিবলৈ দিয়া নাছিল যদিও সেই সময়ত একমাত্ৰ ভাৰত ৰত্ন ভূপেন হাজৰিকাই কলিতাত নি প্ৰচাৰ কৰাত যথেষ্টখনি আগভাগ লৈছিল ৷ তাতো ফলৱতী নোহোৱাত পৰবৰ্তী অসমৰ গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশী লোকসকলে একমাত্ৰ গোৱালপৰীয়া নৃত্য ,গীত বুলি নামাকৰণ কৰাৰ পিছৰ পৰা হে অসম চৰকাৰে সাংস্কৃতিক ক্ষেত্ৰখনত গুৰুত্ব প্ৰদান কৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/761b2813-3556-486b-956d-aa4af0a140a8/43ab4c74-1cf1-4d24-bfe3-c90516296797.jpg)
সেইয়ে আজিও অসমৰ সবাৰ্ধিক ৰাইজে এই নৃত্য আৰু গীতক গোৱাপৰীয়া নৃত্যও গীত বুলি কয় বুলিও জানিবলৈ দিয়ে ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ক্ৰমে ধেমাজি জিলা উপ-আৰক্ষী অধীক্ষক বিশেষ শাখাৰ সিদ্ধেশ্বৰ বৰা , ধেমাজি জিলা প্ৰশাসনৰ কিষানজিৎ বৰগোহাঁই ,কোচ ৰাজবংশী সন্মিলনী জোনাই জিলা শাখাৰ সভাপতি চন্দ্ৰকান্ত ৰায় , কোষাধ্যক্ষ অতুল দাস ,ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি তপন তালুকদাৰ আৰু যুটীয়া সম্পাদক ভাইকন দত্তই ৷
অনুষ্ঠানত কোচ ৰাজবংশীৰ কুশাল নৃত্য ,কাৰ্তিকা নৃত্য পৰিৱেশন কৰা লগতে জনগোষ্ঠীটোৰ ঢোল ,দোতৰা আৰু বাহীঁ ইত্যাদি নৃত্য সজুলিসমূহ প্ৰদৰ্শন কৰা হয় ৷ সাত দিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাত মুঠ ৬ গৰাকী প্ৰশিক্ষকে সমল বক্তি হিচাপে উপস্থিত থাকে ৷
Also Read: শিৱসাগৰত মাৰাণাস্ত্ৰ জব্দ...